• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৫ লাখ টকাৰ কিতাপ বিক্ৰীৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা শিলচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2025 5:27 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাষা-সাহিত্য, চলচ্চিত্ৰ-সংগীত, সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি, সমাজ-ইতিহাস আদি বিভিন্ন বিষয়ৰ বৌদ্ধিক আলোচনা, কবিতা পাঠ, সাংস্কৃতিক প্ৰতিযোগিতাৰে বিগত ১০ দিন ধৰি উৎসৱমুখৰ হৈ থকা অসম গ্ৰন্থমেলাৰ সফল সমাপ্তি ঘটিল। এই সামৰণিৰ লগে লগে নিজম পৰিল শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ড৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে এই বৰ্ষৰ গ্ৰন্থমেলাৰ আয়োজন কৰিছিল।

এইবাৰৰ গ্ৰন্থমেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৩১ গৰাকী প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতাই অংশগ্ৰহণ কৰিছিল। গ্ৰন্থমেলাখনত কলকাতা, মুম্বাই, দিল্লী, হায়দৰাবাদ, আগৰতলা, গুৱাহাটী, শিলচৰৰ প্ৰকাশক-গ্ৰন্থ বিক্ৰেতাসকলকে ধৰি ২৫ খনকৈ বিপণী স্থাপন কৰা হৈছিল।

Apply Now

অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে, বিগত বছৰৰ তুলনাত এইবাৰ মানুহৰ উপস্থিতি আৰু গ্ৰন্থৰ বিক্ৰীৰ সংখ্যা সামান্য পৰিমাণে কমিছে যদিও আশাব্যঞ্জক সঁহাৰি লাভ কৰা হৈছে।

তেওঁ কয়, ‘‘২০২৩ চনৰ গ্ৰন্থমেলাত পাঠক আৰু ক্ৰেতাৰ সঁহাৰি যিমান আছিল এইবাৰ তুলনামূলকভাৱে কমিছে। ইয়াৰ অন্যতম কাৰণ, এতিয়া স্কুল আৰু কলেজত চলি আছে বাৰ্ষিক পৰীক্ষা, গতিকে দিনটোত তুলনামূলকভাৱে ভিৰ কম আছিল যদিও সন্ধিয়া গ্ৰন্থপ্ৰেমীৰ আশাব্যঞ্জক ভিৰ পৰিলক্ষিত হয়।’’

বিক্ৰীৰ সংখ্যা সন্দৰ্ভত তেওঁ কয় যে, ‘‘২০২৩ চনত অভিলেখ সংখ্যক কিতাপ বিক্ৰী হৈছিল, অৱশ্যে সেই ধাৰা এই বছৰ অব্যাহত নাথাকিল। এইবাৰৰ গ্ৰন্থমেলাত প্ৰায় ২৫ৰ পৰা ৩০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱাৰ বিপৰীতে যোৱাবাৰ বিক্ৰীৰ সংখ্যা আছিল প্ৰায় ৩৫ লাখ টকা। তথাপিও প্ৰকাশন আৰু বিক্ৰেতাসকলে লোকচানৰ সন্মুখীন হ‘বলগীয়া হোৱা নাই।’’

প্ৰমোদ কলিতাই উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ২০২৫ চনক ‘গ্ৰন্থ বৰ্ষ’ হিচাপে ঘোষণা কৰি চৰকাৰী কৰ্মচাৰীক ১০০০ টকাকৈ কিতাপ কিনিবলৈ দিছিল। কিন্তু সেই পদক্ষেপেও আশা কৰা ধৰণৰ সঁহাৰি আনিব নোৱাৰিলে। তেওঁ লগতে কয় যে যোৱাবাৰ লটাৰী ব্যৱস্থাৰ বাবেই কিতাপ প্ৰেমীৰ ভিৰ লক্ষ্যণীয় হৈছিল, কিন্তু এইবাৰ উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে লটাৰীৰ আয়োজন সম্ভৱ নহ‘ল।

প্ৰমোদ কলিতাই কয় যে অতি শৃংখলাবদ্ধভাৱে আৰু সফলতাৰে দ্বিতীয়খন গ্ৰন্থমেলা সম্পূৰ্ণ হৈছে। এই সফলতাই অহা বছৰো শিলচৰত গ্ৰন্থমেলাৰ আয়োজন কৰাৰ সম্ভাৱনা স্পষ্ট কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd