NORTHEAST NOW (Assamese)

বিধান সভাত দাখিলৰ পূৰ্বে চৰকাৰী ৱেবচাইটত ভাইৰেল বাজেট; বিনামূলীয়া বিজুলী আৰু কি কি আছে এই বাজেটত!

March 6, 2020 12:39 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া অসম বিধান সভাত বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্য্যকালৰ অন্তিমখন পূৰ্ণাংগ বিত্তীয় বাজেট উত্থাপন কৰিব।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া ২ বজাত বিধান সভাৰ মজিয়াত বাজেট উত্থাপন কৰাৰ কথা যদিও চৰকাৰী ৱেবচাইটত বাজেটখন বিধান সভাত উত্থাপন কৰাৰ পূৰ্বেই প্ৰকাশ পাইছে বুলি ঈশান নিউজ নামৰ ডিজিটেল সংবাদ মাধ্যমটোত বাতৰি প্ৰকাশ হৈছে।

চৰকাৰী ৱেবচাইটত ভাইৰেল হৈ পৰা বাজেটখনত তলত দিয়া দিশ সমূহ উল্লেখ আছে বুলি সংবাদ মাধ্যমটোৱে প্ৰকাশ কৰিছে-

  • ২০২০-২১ বিত্তীয় বৰ্ষৰ বাজেটত মুঠ ১,০৫,২৪৬.২৩ কোটি টকা ধাৰ্য্য কৰা হৈছে।
  • এই বাজেটত ৯১,৯৩০.৮০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
  • ৰাজ্যৰ ৩৮ লাখ ঘৰুৱা বিদ্যু উপভোক্তালৈ চৰকাৰী সাহায্যৰ বিদ্যুত যোগান ধৰা হ’ব, যাৰবাবে বাজেটত ১৫ কোটি টকাৰ অনুমোদন জনোৱা হৈছে।
  • ৰাজ্যত ৩০ য়ুনিটলৈ বিনামূলীয়া বিদ্যুত সেৱা আগবঢ়োৱা হ’ব।
  • বাজেটত ৫৫,০০০ হাজাৰ নিবনুৱাক নিযুক্তি দিয়াৰ কথাও উল্লেখ আছে।
  • বাজেটত মহিলা, শিশু আৰু দিবাংগ সকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে।
  • ২০২০-২১ বৰ্ষত বিনামূলীয়া চাউল যোগানৰ বাবে ৮৭২ কোটি টকাৰ আবন্টন দিয়া হৈছে।
  • চাহ বাগিছা অঞ্চলত ১০২ খন নতুন বিদ্যালয় স্থাপন কৰা হ’ব।
  • অৰুন্ধতী স্বৰ্ণ যোজনাত ৪০,০০০ টকা বৃদ্ধি কৰা হৈছে।
  • আইদেউ সন্দিকৈ মহিলা পুৰস্কাৰৰ প্ৰস্তাৱ।

অৱশ্যে বাজেটখন দাখিলৰ পূৰ্বে প্ৰকাশ হোৱা চৰকাৰী ৱেবচাইটটো বৰ্তমান বন্ধ কৰি দিয়া হৈছে।

Related News