শ্বিলঙৰ হোটেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ গুৱাহাটীৰ ব্যক্তি চিজ’ জেকব

বৃহস্পতিবাৰে (০৭ মাৰ্চ) শ্বিলঙৰ পুলিচ বজাৰ অঞ্চলৰ এখন হোটেলৰ কোঠাত গুৱাহাটীৰ এজন লোকৰ নিৰ্জীৱ দেহ উদ্ধাৰ হয়।

গুৱাহাটী মহানগৰীৰ বেলতলা ৰোডৰ বাসিন্দা চিজ’ জেকব (৪৭)ৰ মৃতদেহ শ্বিলঙ সদৰ থানাৰ এটা দলে উদ্ধাৰ কৰে।

দীৰ্ঘদিন ধৰি তেওঁ কোঠাৰ পৰা ওলাই যোৱা নাই বুলি খবৰ পোৱাৰ পিছত্ৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।

প্ৰাথমিক তদন্তত শান্তকাৰী আৰু এন্টি-ডিপ্ৰেছন ঔষধৰ অতিমাত্ৰা সেৱনৰ বাবে চিজ’ জেকবৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ইফালে মৃত্যুৰ সঠিক কাৰণ জানিবলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত জেকবৰ মৃত্যুৰ আচল কাৰণ জানিব পৰা যাব। 

জানিব পৰা মতে জেকবৰ মুখত তেজৰ দাগ প্ৰত্যক্ষ কৰিছে আৰক্ষীয়ে।