অসম চৰকাৰে পূর্বে বহুবিবাহ নিষিদ্ধ কৰা হ’ব বুলি ইংগিত দিছিল৷ এই উদ্দেশ্যেৰে এখন আইন অনা হ’ব বুলিও ঘোষণা কৰা হৈছিল। এই সন্দৰ্ভত বিধেয়কখন চলিত মাহত বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ’ব। ইয়াৰ পূৰ্বে অসম কেবিনেটে বহুবিবাহ নিষিদ্ধ কৰাৰ বিধেয়কত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায় যে দেওবাৰে এই বিধেয়ক অনুমোদন কৰা হৈছে।
এই বিধেয়কখন অহা ২৫ নৱেম্বৰত বিধানসভাত দাখিল কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। এই বিধেয়কখনত কি আছে আৰু কিয় অনা হৈছে সেই বিষয়েও তেওঁ ব্যাখ্যা কৰে৷
দেওবাৰে অসম কেবিনেটে গ্ৰহণ কৰা এই সিদ্ধান্তত একাংশ অঞ্চলৰ বাহিৰে সমগ্ৰ ৰাজ্যতে বহুবিবাহ নিষিদ্ধ কৰা হ’ব। ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহৰ বাবে কিছু ব্যতিক্ৰম থাকিব পাৰে।
এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত কোনোবাই যদি বহু বিবাহ কৰায় তেন্তে তেওঁৰ সাত বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড হ’ব পাৰে বুলিও লগতে কোৱা হৈছে।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি পূৰ্বৰ বিবাহ আৰু অন্যান্য তথ্য লুকুৱাই বিয়া পাতিবলৈ যোৱাসকলো শাস্তিৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ বাবে তেওঁলোকক ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে।
কেৱল সেয়াই নহয়, এই ক্ষেত্ৰত অভিভাৱক, পুৰোহিত আৰু কাজসকলৰো শাস্তি হ’ব পাৰে। বহুবিবাহক সমৰ্থন কৰিলে তেওঁলোকৰো ২ বছৰৰ কাৰাদণ্ডও হ’ব পাৰে। যদি কোনোবাই পুনৰ একেটা অপৰাধ কৰে তেন্তে তেওঁৰ শাস্তি দুগুণ হ’ব।
আনহাতে, ইয়াৰ ফলত সমস্যাৰ সন্মুখীন হ’বলগীয়া সকলো মহিলাকে আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। সেই মহিলাসকলক ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰে সুকীয়া পুঁজি গঠন কৰিব। বহুবিবাহৰ বলি হোৱা মহিলাসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব যাতে তেওঁলোকে জীৱন যাপনত সমস্যাৰ সন্মুখীন নহয়।





