• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষণ পৰা মহিলাৰ বাবে আৰ্থিক অনুদানলৈ; অসম কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2026 8:30 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা মঙলবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত চাহ জনগোষ্ঠীৰ বাবে চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন, মহিলা উদ্যমিতা অভিযানৰ পৰিসৰ সম্প্ৰসাৰণ আৰু ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা প্ৰদানৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহিলা উদ্যমিতা অভিযানৰ সম্প্ৰসাৰণ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ‘মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান’ ৰ পৰিসৰ চৰকাৰে অধিক সম্প্ৰসাৰিত কৰিছে। ইতিমধ্যে ৩২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ প্ৰথম কিস্তিৰ ধন প্ৰদান কৰিছে। কেবিনেটে এই তালিকাত নতুনকৈ ১ লাখ ৩ হাজাৰ ৫০০ গৰাকী হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ বাবে অনুমোদন জনাইছে।

চাহ আৰু আদিবাসী জনগোষ্ঠীৰ বাবে ঐতিহাসিক পদক্ষেপ অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ মেধাৱী যুৱক-যুৱতীসকলৰ বাবে কেবিনেটে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ গ্ৰেড-১ আৰু গ্ৰেড-২ পদৰ চাকৰিত চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ বাবে ৩ শতাংশ সংৰক্ষণ সুনিশ্চিত কৰা হ’ব।

Apply Now

মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, আগন্তুক এ চি এছ পৰীক্ষাৰ পৰাই এই নিয়ম কাৰ্যকৰী হ’ব। ইয়াৰ উপৰি আজিৰ পৰা যিবোৰ চৰকাৰী বিজ্ঞাপন প্ৰকাশ পাব, সেই সকলোবোৰতে এই ৩ শতাংশ সংৰক্ষণ ব্যৱস্থা প্ৰযোজ্য হ’ব। এই পদক্ষেপে চাহ জনগোষ্ঠীৰ মাজত উচ্চ শিক্ষাৰ প্ৰতি ধাউতি বঢ়োৱাৰ লগতে তেওঁলোকক প্ৰশাসনৰ উচ্চ পৰ্যায়ত অংশগ্ৰহণৰ সুযোগ দিব।

শিক্ষা আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়ন শিক্ষাখণ্ড আৰু ক্ৰীড়াৰ উত্তৰণৰ বাবে কেবিনেটে কেইবাটাও বিশেষ বিত্তীয় অনুমোদন জনাইছে। কাৰ্বি আংলং জিলাৰ লাংৱকুত নিৰ্মাণ হ’বলগীয়া ৰাজ্যৰ দ্বিতীয়খন সৈনিক স্কুলৰ বাবে পূৰ্বৰ ১০০ কোটি টকাৰ আবণ্টন বৃদ্ধি কৰি ৩৩৫.৮৭ কোটি টকালৈ সংশোধিত বাজেটত অনুমোদন জনাইছে। চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ কল্যাণৰ বাবে তেওঁলোকৰ বাৰ্ষিক ছুটী ১০ দিনৰ পৰা ১৫ দিনলৈ বৃদ্ধি কৰা হৈছে। ধেমাজিত অসম ক্ৰিকেট সন্থাৰ দ্বাৰা এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৩১ বিঘা চৰকাৰী মাটিত কেবিনেটে অনুমোদন জনায়। লগতে যোৰহাটৰ ঐতিহাসিক ‘বৰভেটি চৌহদ’ৰ সংহত উন্নয়ন আৰু নিৰ্মাণ কাৰ্যৰ বাবে ১৯.৫৯ কোটি টকাৰ পুঁজি অনুমোদন কৰা হয়। ভূমি পট্টা আৰু কৃষি বিভাগৰ সংস্কাৰ আজিৰ কেবিনেটে ১০খন জিলাৰ ৩১৯টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে চৰকাৰী খাচ আৰু চিলিং উদ্বৃত্ত মাটি বন্দৱস্ত কৰাতো অনুমোদন জনাইছে। ইয়াৰ উপৰি কেইবাখনো জিলাত ভূমি পট্টা প্ৰদানৰ প্ৰক্ৰিয়াত কেবিনেটে সন্মতি জনাইছে।

একেদৰে, কৃষি বিভাগৰ কাম-কাজ অধিক গতিশীল কৰিবলৈ আৰু কৰ্মচাৰীসকলৰ পদোন্নতিৰ পথ সুচল কৰিবলৈ বিভাগৰ সেৱাবিধি সংশোধনৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd