• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2021 8:26 pm
Assam-Cabinet-List-2021
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দিছপুৰৰ জনতা ভৱনত মুখমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইসমূহ হ’ল:-

*একচনীয়া পট্টা, তৌজি পট্টা, দেৱোত্তৰ ভূমিত কৃষি কাৰ্য কৰা কৃষক, বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা পোৱাৰ বাবে যোগ্য কৃষক, ক্ষুদ্ৰ চাহ খেতিয়ক, উদ্যান শস্যৰ কৃষকসকলেও পি এম কিষাণ আঁচনিৰ অধীনত সা-সুবিধা লাভ কৰিব৷

Apply Now

*তৃণমূল পৰ্যায়ত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানক জড়িত কৰাই গুণগত শিক্ষা নিশ্চিত কৰাৰ বাবে আজিৰ কেবিনেটে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷  প্ৰাথমিক শিক্ষাব্যৱস্থা শক্তিশালী কৰাৰ বাবে শিক্ষা সম্পৰ্কীয় ‘জিলা তদাৰকী আৰু নিৰীক্ষণ সমিতি’ গঠন কৰাৰ লগতে খণ্ড পৰ্যায়তো এখন তদাৰকী আৰু নিৰীক্ষণ সমিতি গঠনৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ প্ৰতিখন জিলাৰ জিলা পৰিষদৰ সভাপতি গৰাকীয়ে জিলা পৰ্যায়ৰ তদাৰকী আৰু নিৰীক্ষণ সমিতিখনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷ আনহাতে খণ্ড পৰ্যায়ত গঠন হ’বলগীয়া এই সমিতিখনৰ সভাপতি হ’ব আঞ্চলিক পঞ্চায়তৰ সভাপতিগৰাকী৷ এই সমিতি দুখনে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতি, আধাতে বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰী, খোৱাপানী, বিজুলী যোগানকে ধৰি অন্যান্য সমস্যাসমূহ পৰ্যালোচনা কৰি এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব৷

*প্ৰশাসনিক সংস্কাৰৰ বাবে আজিৰ কেবিনেটে তলত উল্লেখ কৰা বিত্তীয় কমিটি গঠনৰ সিদ্ধান্ত লয়৷ প্ৰকল্পৰূপায়ণৰ ক্ষেত্ৰত বিত্তীয় অনুমোদনৰ ব্যৱস্থাৱলী ত্বৰান্বিত কৰাৰ লগতে সকলো কাম-কাজ সৰলীকৰণ কৰাৰ উদ্দেশ্যে প্ৰতিটো বিভাগতে একোখনকৈ বিভাগীয় বিত্তীয় সমিতি গঠনৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই বিভাগীয় সমিতিয়ে ২ কোটি টকালৈকে সিদ্ধান্ত লৈ প্ৰশাসনিক অনুমোদন প্ৰদান কৰিব পাৰিব৷ এই সমিতিখনৰ বৈঠক প্ৰতি সোমবাৰে অনুষ্ঠিত হ’ব৷

আনহাতে ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত গঠিত হ’ব এখন স্থায়ী বিত্তীয় সমিতি৷ এই সমিতিয়ে ২ কোটি টকাৰ পৰা ১০ কোটি টকালৈকে প্ৰকল্প *সমূহত নিজাববীয়াকৈ অনুমোদন জনাব পাৰিব৷ এই সমিতিখনৰ বৈঠক প্ৰতি মঙলবাৰে অনুষ্ঠিত হ’ব৷ তেনেদৰে ৰাজ্যৰ বিত্ত মন্ত্ৰীৰ অধ্যক্ষতাত গঠিত হ’বলগীয়া বিশেষ স্থায়ী বিত্ত সমিতিখনে ১০ কোটি টকাৰ পৰা ১০০ কোটি টকাৰ ভিতৰৰ প্ৰকল্প সমূহ বিবেচনা কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব৷ এই সমিতিখনৰ বৈঠক প্ৰত্যেক বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব৷ ১০০ কোটি টকাৰ ওপৰৰ প্ৰকল্পসমূহ বিভাগে পোনপটীয়াকৈ কেবিনেট বৈঠকত উপস্থাপন কৰিব৷

*আজিৰ কেবিনেটে ‘খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি’ নামৰ এটি নতুন বিভাগ গঠনত আনুষ্ঠানিকভাৱে অনুমোদন জনায়৷ প্ৰত্নতত্ত্ব সঞ্চালকালয়, সংগ্ৰহালয় সঞ্চালকালয়, পুৰাতত্ত্ব আৰু বুৰঞ্জী অধ্যয়ন সঞ্চালকালয় এই বিভাগৰ অধীনত থাকিব৷

*আজিৰ কেবিনেটে নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলক সম্পূৰ্ণ কতৃৰ্ত্ব প্ৰদান কৰে৷ এতিয়াৰে পৰা উপায়ুক্তসকলে এইক্ষেত্ৰত নিবিদা আহ্বান কৰি পলসুৱা মাটি উঠোৱাৰ আবণ্টন প্ৰদান কৰিব পাৰিব৷ কিন্তু সাধাৰণ বালি আৰু শিলৰ ক্ষেত্ৰত পূৰ্বৰ ব্যৱস্থাই বাহাল থাকিব৷

*আজিৰ কেবিনেটে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইক অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ  অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ লগতে তেওঁক কেবিনেট মন্ত্ৰীৰ পদমৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am
ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

ধৰ্মতো ৰাজনীতি! দিল্লীত দশেৰাত ৰাৱণৰ সৈতে দহন হ’ব ৩০ ফুট ওখ পঁইতাচোৰাৰ প্ৰতিমূৰ্তি

October 17, 2026 10:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd