• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত; কি সেই সিদ্ধান্ত?

২০২২ চনৰ কেলেণ্ডাৰত চৰকাৰী বন্ধৰ দিন নিৰ্ধাৰণ ,মুঠ চৰকাৰী বন্ধৰ দিন হ'ব কিমানটা?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 7, 2021 6:41 am
Assam-Assembly
399
VIEWS
Share on FacebookShare on Twitter

জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰা সেই সিদ্ধান্তসমূহ তলত একাদিক্ৰমে উল্লেখ কৰা হ’ল:-

১/ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে চলিত বৰ্ষত ৪০০ কোটি টকা অনুমোদন।

২/ প্ৰধানমন্ত্ৰী পদপথ ব্যৱসায়ী আত্মনিৰ্ভৰ নিধিৰ অধীনত ঋণৰ ক্ষেত্ৰত পদপথ ব্যৱসায়ীসকলক ষ্টাম্প ডিউটী ৰেহাইৰ সিদ্ধান্ত। ৰাজ্য চৰকাৰে নিজে বহন কৰিব এই ষ্টাম্প ডিউটী। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৫২০০০ পদপথ ব্যৱসায়ীয়ে সকাহ পাব।

৩/ মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যিক জিএছটি ৰেহাই দিয়াৰ সিদ্ধান্ত। পাছত ৰি-ইম্বাৰ্ছমেণ্টৰ জৰিয়তে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব।
২০২২ চনৰ কেলেণ্ডাৰত চৰকাৰী বন্ধৰ দিন নিৰ্ধাৰণ কৰা হয়। এইবাৰ মুঠ চৰকাৰী বন্ধৰ দিন হ’ব ৩৪ টা।

৫/ বৰাক উপত্যকাৰ বাবে বন বিভাগৰ এটা বন্যপ্ৰাণী মণ্ডল গঠনত অনুমোদন ।

৬/ এতিয়াৰে পৰা সকলো চৰকাৰী নথিত ইংৰাজী গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ তাৰিখৰ লগতে অসমীয়া কেলেণ্ডাৰৰ তাৰিখো উল্লেখ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। সহযোগী ৰাজ্যিক ভাষা বঙালী আৰু বড়ো ভাষাৰ কেলেণ্ডাৰৰ তাৰিখ অসমীয়া কেলেণ্ডাৰৰ সৈতে একে। গতিকে বৰাক আৰু বিটিইৰ এলেকাত এই দুই সহযোগী ভাষাত তাৰিখ লিখিব পাৰিব।

৭/ অসমত মহাকাশ বিজ্ঞানৰ বহুল প্ৰয়োগৰ বাবে আজি কেবিনেটে অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰ (Assam State Space Application Centre) গঠন কৰে। ইয়াৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ড০ পি এল এন ৰাজুক। তেওঁ অলপতে শ্বিলংস্থিত ভাৰত চৰকাৰৰ উত্তৰ পূৱ মহাকাশ প্ৰায়োগিক কেন্দ্ৰ (NESAC)ৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে। নৱগঠিত ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সৈতে সদ্যহতে ৰাজ্য চৰকাৰৰ ২২টা বিভাগে সম্বন্বিত ভাৱে ৰাজ্যত মহাকাশ প্ৰযুক্তিৰ বহুল প্ৰয়োগত মনোনিবেশ কৰিব। এই নতুন স্বতন্ত্ৰ ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰ গঠনৰ লগে লগে অসম ৰাজ্যিক বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ পূৰ্বৰ ৰাজ্যিক ৰিমোট চেনচিং এপ্লিকেচন চেণ্টাৰক বিলুপ্ত কৰা হয়।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd