অসমৰ প্ৰাক্তন গৃহ সচিব অজয় কুমাৰ ভাল্লা পৰৱৰ্তী কেন্দ্ৰীয় গৃহ সচিব

ajay-kumar-bhalla-1563989153-750x375

অজয় কুমাৰ ভাল্লা। ফাইল ফটো।

এসময়ত অসমৰ গৃহ বিভাগৰ সচিব হিচাপে কাৰ্য্য নিৰ্বাহ কৰা তথা অসম-মেঘালয় কেডাৰৰ ১৯৮৪ বেচ্চৰ আই এ এছ বিষয়া অজয় কুমাৰ ভাল্লাক পৰৱৰ্তী কেন্দ্ৰীয় গৃহ সচিব হিচাপে নিযুক্তি দিয়া হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও আমোলাতান্ত্ৰিক ৰদবদলৰ পিছত ভাল্লাৰ এই পদত কাৰ্য্য নিৰ্বাহ কৰাটো নিশ্চিত হয়। তেওঁ য়ুনিয়ন পাৱাৰ ছেক্ৰেটেৰি হিচাপে কৰ্মৰত আছিল।

উল্লেখযোগ্য যে ৩১ আগষ্টত বৰ্তমানৰ কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গৌবাই অৱসৰ গ্ৰহণ কৰিব। গৌবাৰ স্থলাভিষিক্ত হ’ব লগীয়া ভাল্লাক আজি গৃহ মন্ত্ৰ্যালয়ৰ অ’ এছ ডি (Officer on Special Duty) হিচাপে নিযুক্তি দিয়া হৈছে, যিটো গৃহ সচিব হিচাপে নতুনকৈ দায়িত্ব লোৱা বিষয়াৰ ক্ষেত্ৰত এটা স্বাভাৱিক নিয়ম। গৃহ সচিব হিচাপে তেওঁ ২০২১ চনৰ আগষ্টলৈকে কাৰ্য্য নিৰ্বাহ কৰিব।

এটা সূত্ৰই কয় যে কেন্দ্ৰীয় গৃহ সচিব হিচাপে ভাল্লাক গৃহ মন্ত্ৰী অমিত শ্বাহে নিজেই বাছনি কৰিছে।

অসম-মেঘালয় কেডাৰৰ আই এছ বিষয়াজনে সফলতাৰে কেন্দ্ৰীয় চৰকাৰৰ সৌভাগ্য আঁচনিৰ ৰূপায়ণ কৰি বিজেপিৰ চৰকাৰখনৰ মনোযোগৰ কেন্দ্ৰত আহিছিল।

ভাল্লাই অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যায়লৰ পৰা এম বি এ ডিগ্ৰী লৈছিল। তেওঁ অসমৰ গৃহ বিভাগৰ সচিব হিচাপে কাৰ্য্য নিৰ্বাহ কৰাৰ উপৰি কম সময়ৰ বাবে মেঘালয়তো কৰ্মৰত আছিল।