অসমত আজি সমাপ্ত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ; ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব সুৰাৰ বিপনী

অসমত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আজি সন্ধিয়া ৫ বজাত শেষ হ’ব।অহা ৭ মে’ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন চাৰিটা সমষ্টি—গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ (এছটি)ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷

তৃতীয় পর্যায়ৰ নির্বাচনত অসমৰ চাৰিটা সমষ্টিৰ মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ লগে লগে ৪৮ ঘণ্টীয়া নিস্তব্ধতাও আৰম্ভ হ’ব, য’ত ৰাজনৈতিক দলসমূহক ভোটগ্ৰহণ হ’বলগীয়া সমষ্টিসমূহত নিৰ্বাচন সম্পৰ্কীয় কাৰ্যকলাপ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হয়।ভোটদানৰ বাবেই ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটগ্ৰহণ হ’বলগীয়া সমষ্টিসমূহত ৫ মে’ৰ পৰা ৭ মে’লৈ ৪৮ ঘণ্টীয়া ড্ৰাই ডে ঘোষণা কৰিছে।

এক প্ৰেছ বিবৃতি অনুসৰি ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ ভোটগ্ৰহণ শেষলৈকে গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ (এছটি)ৰ লোকসভাত সুৰা বিক্ৰী নিষিদ্ধ কৰা হৈছে।চৰকাৰী আদেশ অনুসৰি এই সময়ছোৱাত সকলো পাইকাৰী গুদাম, বণ্ডেড গুদাম, কান্ট্ৰী স্পিৰিটৰ দোকান বন্ধ থাকিব লাগিব। এই পদক্ষেপৰ লক্ষ্য হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ত শান্তি শৃংখলা বজাই ৰখা।

৪ জুনত গণনাৰ দিন।২০১৯ চনত বিজেপিয়ে ১৪খন আসনৰ ভিতৰত ৯খন আসন লাভ কৰিছিল আৰু কংগ্ৰেছে ৩খন আসন লাভ কৰিছিল, আনহাতে অসমত এ আই ইউ ডি এফে এখন আসন লাভ কৰিছিল।