Assam Career: শ্ৰী শংকৰদেৱ নেত্ৰালয়ত খালী হৈছে একাধিক পদ, কি পদৰ বাবে কেনেদৰে কৰিব আবেদন?

Assam Career

শ্ৰী শংকৰদেৱ নেত্ৰালয়ত বিভিন্ন স্বাস্থ্যসেৱা আৰু প্ৰশাসনিক পদৰ বাবে আবেদন আহ্বান কৰা হৈছে৷ শ্ৰী শংকৰদেৱ নেত্ৰালয় গুৱাহাটীয়ে সচিব (মিডিয়া আৰু যোগাযোগ), স্বাস্থ্য সেৱা (চকু)ৰ নাৰ্চিং সহায়ক, নাৰ্ছ, পেছেণ্ট কেয়াৰ সচিব আৰু ফ্লৰ অফিচাৰ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আমন্ত্ৰণ কৰিছে৷
পদৰ নাম : সচিব (মিডিয়া আৰু যোগাযোগ)
পদৰ সংখ্যা : ১
অৰ্হতা : গণ সংযোগ পাঠ্যক্ৰমৰ স্নাতক / স্নাতকোত্তৰ / ডিপ্লোমা। ইংৰাজী আৰু অসমীয়াভায়াত দখল থকা লগতে মিডিয়া / ছ’চিয়েল মিডিয়া(ডিজিটেল মিডিয়া / প্ৰেছ মিডিয়া, প্ৰবন্ধ লিখন, ব্লগিং ইত্যাদি) পৰিচালনাৰ দক্ষতা থকা বাধ্যতামূলক।

অৰ্হতা : মেনেজমেণ্ট বা সমতুল্য বিষয়ৰ স্নাতকোত্তৰ। স্বাস্থ্যসেৱা / অন্যান্য সেৱা খণ্ডত স্বতন্ত্ৰভাৱে  পৰিচালনা কৰাৰ পৰ্যাপ্ত অভিজ্ঞতা।
অভিজ্ঞ প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব

পদৰ নাম : স্বাস্থ্য সেৱা (চকু)ৰ নাৰ্চিং সহায়ক
পদৰ সংখ্যা : ২
অৰ্হতা : স্বীকৃত প্ৰতিষ্ঠানৰ পৰা চকু সহায়ক আৰু নাৰ্চিং বিষয়ত ডিপ্লোমা
পদৰ নাম : নাৰ্চ
পদৰ সংখ্যা : ১
অৰ্হতা : নাৰ্চিঙত জিএনএম / বিএছচি
পদৰ নাম : পেছেণ্ট কেয়াৰ সচিব
পদৰ সংখ্যা : ১
অৰ্হতা: ডিপ্লোমা ইন হস্পিটালিটি মেনেজমেণ্টৰ লগতে  স্নাতক। ৰোগী / অতিথিৰ যত্ন লোৱাৰ অভিজ্ঞতা থকাসকলক প্ৰাধান্য দিয়া হ’ব।
পদৰ নাম : ফ্লৰ অফিচাৰ
পদৰ সংখ্যা : ১
অৰ্হতা : মেনেজমেণ্ট বা সমতুল্য বিষয়ত স্নাতকোত্তৰ। স্বাস্থ্যসেৱা / অন্যান্য সেৱা খণ্ডত স্বতন্ত্ৰভাৱে  পৰিচালনা কৰাৰ পৰ্যাপ্ত অভিজ্ঞতা থকা দৰকাৰ।
অভিজ্ঞ প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।
বয়সৰ সীমা :
সচিব (মিডিয়া আৰু যোগাযোগ), ফ্লৰ অফিচাৰ পদৰ বাবে : ৩৫ বছৰৰ ওপৰত হ’ব নালাগিব।
স্বাস্থ্য সেৱা (চকু)ৰ নাৰ্চিং সহায়ক, নাৰ্চ, পেছেণ্ট কেয়াৰ সচিব: ২৫ বছৰৰ ওপৰত হ’ব নালাগিব।
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৩০ জুন, ২০২২-ৰ ভিতৰত মেনেজাৰ (এইচআৰ), শ্ৰী শংকৰদেৱ নেত্ৰালয়, ৯৬, বশিষ্ঠ ৰোড, বেলতলা, গুৱাহাটী-৭৮১০২৮ ঠিকনাত তেওঁলোকৰ অফলাইন আবেদন পঠিয়াব পাৰে।
প্ৰাৰ্থীসকলে ৩০ জুন, ২০২২-ৰ ভিতৰত ssnhrm@gmail.com ইমেইলযোগেও তেওঁলোকৰ অনলাইন আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে।
আবেদনৰ সবিশেষ ইয়াত পাব- Click Here