NORTHEAST NOW (Assamese)

Assam Career : পশুপালন আৰু পশু চিকিৎসা বিভাগত ১৬২ টা পদ খালী কিদৰে কৰিব অনলাইন আবেদন ?

July 25, 2022 12:20 pm · এন ই নাও নিউজ,গুৱাহাটী

অসম লোক সেৱা আয়োগে (এপিএছচি) পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত ১৬২ টা খালী পদৰ বাবে আবেদন আমন্ত্ৰণ জনাইছে।

অসম লোক সেৱা আয়োগে (এপিএছচি) পশু পালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত পশু চিকিৎসা বিষয়া/ খণ্ড পশু চিকিৎসা বিষয়া, শ্ৰেণী-বি, প্ৰথম শ্ৰেণী (জুনিয়ৰ গ্ৰেড)ৰ ১৬২ টা খালী পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন আমন্ত্ৰণ কৰিছে।

পদৰ নাম : পশু চিকিৎসা বিষয়া/ খণ্ড পশু চিকিৎসা বিষয়া, শ্ৰেণী-বি, প্ৰথম শ্ৰেণী (জুনিয়ৰ গ্ৰেড) পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত।

Also read : Assam Career : NECTARত পদ খালী, কি পদৰ বাবে কেনেদৰে কৰিব আবেদন?

দৰমহাৰ স্কেল : ৩০,০০০/- টকাৰ পৰা ১,১০,০০০/- টকা + গ্ৰেড পে ১২,৭০০/- টকা

শিক্ষাগত অৰ্হতা : এজন প্ৰাৰ্থীৰ যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা পশুপালন আৰু পশু চিকিৎসা বিজ্ঞানৰ স্নাতক (বিভিএছচি আৰু এএইচ) ডিগ্ৰী থাকিব লাগিব

বয়সৰ সীমা: প্ৰাৰ্থীসকলৰ বয়স ২১ বছৰৰ কম হ’ব নালাগিব আৰু ০১/০১/২০২২ তাৰিখত ৩৮ বছৰৰ অধিক বয়সৰ হ’ব নালাগিব। উৰ্ধতম বয়সৰ সীমা শিথিল কৰা হ’ব এনে ধৰণে:

অনুসূচীত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰলৈ, অৰ্থাৎ ৪৩ বছৰলৈকে।
অ’বিচি/এম.ও.বি.চি. প্ৰাৰ্থীৰ বাবে ৩ বছৰলৈ অৰ্থাৎ চৰকাৰী অধিসূচনা নং অনুসৰি ৪১ বছৰলৈকে।
চৰকাৰী নিৰ্দেশনা অনুসৰি অনুসূচীত জাতি/অনুসূচীত জনজাতি/অ’বিচি আৰু ইউআৰ শ্ৰেণীৰ প্ৰাৰ্থী নিৰ্বিশেষে বেঞ্চমাৰ্ক অক্ষমতা থকা ব্যক্তিসকল (পিডব্লিউবিডি) ১০ বছৰৰ সকাহ পাব।
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ২৬ জুলাই, ২০২২ ৰ পৰা ১২৬ আগষ্ট, ২০২২ লৈ  এপিএছচিৰ নিযুক্তি ৱেবছাইট https://online.apscrecruitment.in  ৰ জৰিয়তে ওপৰোক্ত পদবোৰৰ বাবে অনলাইন আবেদন কৰিব পাৰে।

আৱেদন মাচুল :

সাধাৰণ / ইডব্লিউএছ : ২৮৫.৪০ টকা
অনুসূচীত জাতি/অনুসূচীত জনজাতি/অ’বিচি/এম.ও.বি.চি. : ১৮৫.৪০ টকা
বিপিএল : ৩৫.৪০ টকা
পিডব্লিউবিডি : ৩৫.৪০ টকা
বিতং বিজ্ঞাপনৰ বাবে  ইয়াত ক্লিক কৰক
http://apsc.nic.in/advt_2022/Advt_13_2022.pdf

Also read : Assam Career : IIT Guwahati ১৬ টা খালী পদৰ বাবে আবেদন আহ্বান

Related News