অহা ৫ জুলাইত অনুষ্ঠিত হ’বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষা, ২০২৫ৰ বাবে ১৫টা পৰীক্ষা কেন্দ্ৰৰ আটাইকেইটাৰে আশে-পাশে গুৱাহাটী আৰক্ষী আয়ুক্তই নিষেধাজ্ঞা জাৰি কৰিছে।
আৰক্ষী উপ আয়ুক্ত (প্ৰশাসন) নিৰুপম হাজৰিকাই জাৰি কৰা এক নিৰ্দেশ অনুসৰি ভাৰতীয় নগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ), ২০২৩ৰ ১৬৩ নং ধাৰাত জাৰি কৰা এই নিষেধাজ্ঞাৰ লক্ষ্য হৈছে পৰীক্ষাৰ সুষম, নিকা তথা স্বচ্ছ পৰিচালনা আৰু যিকোনো ধৰণৰ আইন-শৃংখলাৰ সমস্যা ৰোধ কৰা।
গুৱাহাটী আৰক্ষী আয়ুক্তৰ অন্তৰ্গত ১৫টা কেন্দ্ৰত ১৩,৫০০ৰো অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
এই নিৰ্দেশৰ অধীনত পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষা পৰিচালনা আৰু নিৰীক্ষণত নিয়োজিত প্ৰাৰ্থী আৰু বিষয়াসকলৰ বাহিৰে সকলো ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
বৈধ এডমিট কাৰ্ড লৈ যোৱা প্ৰাৰ্থী, পৰীক্ষাৰ বিষয়াসকল, কৰ্তব্যত থকা আৰক্ষী কৰ্মী আৰু এ পি এছ চি, জিলা প্ৰশাসন আৰু চৰকাৰৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।
ইণ্টাৰনেট ভিত্তিক মোবাইল এপ্লিকেচনৰ অপব্যৱহাৰত উদ্বেগ আৰু পূৰ্বতে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাত বাহিৰৰ লোকে হস্তক্ষেপ কৰাৰ চেষ্টাৰ পৰিপ্ৰেক্ষিতত এই নিষেধাজ্ঞা জাৰি কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
গোটেই ৫ জুলাইৰ দিনটো এই নিষেধাজ্ঞা বলবৎ থাকিব। যিকোনো নিয়মৰ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ২২৩ নং ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।





