NORTHEAST NOW (Assamese)

চাকৰি বিচৰাৰ পৰিৱৰ্তে চাকৰি দিব পৰা মানসিকতা গঢ়া : ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময়ত মুখ্য মন্ত্ৰী

November 28, 2019 7:06 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সোণোৱালৰ ফাইল ছবি

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে অসম বিধান সভাৰ চেণ্ট্ৰেল হলত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলে হ’ল দেশৰ ভৱিষ্যত আৰু সেইবাবে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক, শাৰীৰিক আৰু সামাজিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি আহিছে যাতে ৰাজ্যখনৰ বিকাশৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন, গণসংযোগ আৰু সাংবাদিকতা বিভাগ, শিক্ষা, অৰ্থনীতি, অংক, ইতিহাস, প্ৰাণী বিদ্যা, আৰবিক, তথ্য প্ৰযুক্তি বিভাগৰ স্নাতকোত্তৰ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে বিধান সভাৰ কাৰ্য ক্ৰমণিকা প্ৰত্যক্ষ কৰাৰ পাছত চেণ্ট্ৰেল হলত মুখ্য মন্ত্ৰীৰ সৈতে মত-বিনিময় কাৰ্যসূচীত মিলিত হয়।

এই কাৰ্যসূচী সংসদীয় পৰিক্ৰমা বিভাগে আয়োজন কৰিছে।

মুখ্য মন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰি কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা অৰ্থনৈতিক ভাবে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে শিক্ষা বিভাগ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব।

সোণোৱালে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সম-উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলিও কয়।

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক চাকৰি বিচৰাৰ পৰিৱৰ্তে চাকৰি দিব পৰা মানসিকতাৰে শিল্পদ্যোগী হ’ব লাগিব বুলিও কয়।

সোণোৱালে এক্ট ইষ্ট পলিচিৰ জৰিয়তে আছিয়ান আৰু বি বি আই এন দেশমূহৰ ৮০ কোটি জনসাধাৰণৰ বজাৰ সমাৰি ল’ব পৰাকৈ জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Related News