• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মাজুলী গাভৰু’ বিতৰ্ক : অৱেশষত ক্ষমা খুজিলে কৰিঅ’গ্ৰাফাৰ অসীম গগৈয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 22, 2019 9:32 am
অসীম গগৈ

অসীম গগৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কন্ঠশিল্পী বাবুৰ কন্ঠ আৰু অভিনয়ৰে ‘মাজুলী গাভৰু’ শীৰ্ষক গীতটিক লৈ ছ’চিয়েল মেডিয়াত তুমুল বিতৰ্কৰ সূত্ৰপাত হৈছিল। মাজুলী সত্ৰৰ সত্ৰাধিকাৰ সকলে এই গীতটোৰ একেমুখে বিৰোধিতা কৰাৰ লগতে য়ুটিউবৰ পৰা গীতৰ ভিডিঅ’টো ডিলিট কৰিবলৈ কন্ঠশিল্পীগৰাকীক আহ্বান জনাইছিল।

১৯ নৱেম্বৰৰ নিশা বাবুৱে ফেইচবুকযোগে বাবুৱে ৰাজহুৱাভাৱে মাজুলীবাসীক আৰু অসমবাসীক ক্ষমা খুজিছিল। কিন্তু নাও ডুবিলেও টিঙৰ পৰা ননমা গীতটোৰ কৰিঅ’গ্ৰাফাৰ অসীম গগৈয়ে ক্ষমা খোজা বাদেই, এই সন্দৰ্ভত আগবঢ়াইছিল অদ্ভুট যুক্তি।

Apply Now

ইতিমধ্যে চ’ছিয়েল মেডিয়াত ভাইৰেল হৈ পৰা মাজুলীৰ যুৱকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত অসীম গগৈৰ মুখত শুনা গৈছে কেতবোৰ অদ্ভুট যুক্তি।

মাজুলীৰ ননী গোপাল দত্ত নামৰ ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ একাউন্টৰ জৰিয়তে আপলোড কৰা অডিঅ’টোৰ কিয়দাংশ তলত দিয়া হ’ল

যুৱক : মাজুলী সত্ৰত মহিলাক প্ৰৱেশ কৰিব নোৱাৰা কিবা নিয়ম আছে নেকি?

অসীম গগৈ : সেইটো কনছেপ্টহে কৰিছো।

যুৱক মাজুলীক লৈ যিকেইটা বিতৰ্কিত চিন দেখুৱাইছে সেই চিন কেইটা আঁতৰাই দিব। শংকৰদেৱ মাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ হিচাপে মাজুলী সত্ৰত মহিলাক প্ৰৱেশত বাধা দিয়া নাই।

অসীম গগৈ : গুৰুজনাই নিয়ম কেইবাটাও বনাইছিল নে এটাই বনাইছিল। মাজুলী সত্ৰত দিব পাৰে, কিন্তু বৰপেটা সত্ৰতটো নিদিয়ে। মই এখন সত্ৰক লৈ কৰি আছোতো।

যুৱক : আপুনি যদি বৰপেটা গাভৰু বুলি বনাই মোৰ ক’বলগীয়া একো নাই।

অসীম গগৈ : মাজুলী সত্ৰত নিষেধাজ্ঞা কৰা নাই, বৰপেটা সত্ৰত আউনীআটি সত্ৰত মহিলা প্ৰৱেশত নিশেধাজ্ঞা কৰিছে, এইটো শংকৰদেৱে লিখিছে নেকি? আপুনি মোক দেখুৱাব পাৰিব নেকি? মই গোটেইখিনি পঢ়ি শুনিয়েই কামটো কৰিছো। মইটোতো একো বেয়া দেখুওৱা নাই।

অডিঅ’ লিংক https://www.facebook.com/nonigopal.dutta/videos/2566999103421378/?t=233

ভিডিঅ’টোক লৈ এই তুমুল বিতৰ্কৰ মাজতে কালি অন্য এগৰাকী কৰিঅ’গ্ৰাফাৰ উদয় শংকৰে ফেইচবুক একাউন্টৰ জৰিয়তে ক্ষোভ উজৰাৰ লগতে অসীম গগৈক সমালোচনা কৰা দেখা গৈছে।

‘নিজৰ সংস্কৃতিৰ বিষয়ে নজনাটো যিমান লাজৰ বিষয় তাতকৈও দাঙৰ লজ্জাজনক বিষয় সোনসেৰীয়া সংস্কৃতিক বিশ্ব দৰবাৰত নিকৃষ্টতম পৰ্যায়ত উপষ্ঠাপন কৰাটো, মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ বিষয়ে অকল ভাৰত বৰ্ষতে নহয়,সমগ্ৰ বিশ্বতেই জনাজাত |

বিশ্বৰ প্ৰত্যেক প্ৰান্তৰ পৰা বিভিন্ন যুৱক যুৱতীয়ে গুণগৰিমাৰ বাবে বিখ্যাত মাজুলীলৈ আহি সত্ৰীয়া সংস্কৃতি আকোৱালি লৈ শিকি বুজি সাদৰেৰে গ্ৰহণ কৰি উভতি গৈ অসমৰ নাম বিশ্ব দৰবাৰত উজলাই তুলিছে ! বহুতো নিদৰ্শন এনেকুৱা আছে জাৰ্মানী, ৰছিয়া, লন্ডন, আমেৰিকা ইত্যাদিৰ পৰা ছোৱালী আহি , থাকি সত্ৰৰ পৰা নৃত্য শিকি তেওঁলোকে ইয়াৰ পৰা অসমীয়া সংস্কৃতি নিজৰ কৰি উভতি গৈছে ,তেনে পৰিস্হিতিত অসমীয়া সংস্কৃতিক কেনেকৈ ইমান বিকৃত ভাৱে উপস্হাপন কৰিলে বুজি নাপালো ! You Tube ত দিয়া অসমীয়া ভিডিঅটো দেখি অতি দুখ লাগিছে | বিভিন্নজনে ফোন SMS কৰি প্ৰশ্ন কৰিছে যে ইয়াৰ বিষয়ত মই কি কম???

মই এটাই কব বিচাৰিম যে যিজনে আমাৰ অসমীয়া সংস্কৃতিক ইমান নিকৃষ্ট ভাৱে উপস্হাপন কৰিছে তেওঁক ভগৱানে অতি সোনকালে সুমতি দিয়ক !

এয়া হৈছে সত্ৰীয়া সংস্কৃতিৰ ওপৰত নিৰ্মম অত্যাচাৰ’ উদয় শংকৰে ফেইচবুকত এইদৰে লিখিছে।

অৱশ্যে গীতটিৰ কৰিঅ’গ্ৰাফক লৈ ৰাজ্যত তুমুল বিতৰ্ক হোৱাৰ পাছত বা বিভিন্নজনৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত ফেইচবুকযোগে ক্ষমা বিচাৰিছে গগৈয়ে।

‘অনিচ্ছাকৃত ভুলবশতঃ মাজুলী তথা অসমবাসীৰ অন্তৰত মই যি আঘাত হানিলোঁ তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী । যদিয়ো মই ইতিমধ্যে ফেচবুকৰ যোগেদি ক্ষমা বিচাৰিছিলোঁ,পুনৰ সংবাদমাধ্যমৰ যোগেদি সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ।‘ এটা সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰিৰ ভিডিঅ’ৰ সৈতে এইদৰে লিখিছে অসীম গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd