অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমকানি চিআইডিয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলাই দেওবাৰে কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে। এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি অবৈধভাৱে চিম কাৰ্ড সংগ্ৰহ কৰি আৰু সাধাৰণ লোকৰ নথি-পত্ৰ ব্যৱহাৰ কৰি ভুৱা বেংক একাউণ্ট খোলাৰ দৰে কাৰ্যত লিপ্ত আছিল। গোপন সূত্ৰৰ পম খেদি চিআইডিয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি এই অভিযান চলাইছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে ধৃত লোকসকলে প্ৰায় ২০০ খন চিম কাৰ্ড নিয়ম বহিৰ্ভূতভাৱে চলাই আছিল আৰু তেওঁলোক এক আন্তঃৰাজ্যিক চাইবাৰ অপৰাধী চক্ৰৰ সৈতে জড়িত আছিল।
অভিযানৰ সময়ত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সন্দেহজনক নথি-পত্ৰ আৰু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত ১০০০ ৰো অধিক ব্যক্তিৰ কেৱাইচি নথি, ৫৪ খন বিভিন্ন নামৰ বেংক পাছবুক, ১০ খন খালী চেক বুক, ৫ খন ব্যৱহাৰ নকৰা ডেবিট কাৰ্ড আৰু প্ৰায় ১০০০ খন নতুন চিম কাৰ্ড উদ্ধাৰ কৰা হৈছে। প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে জব্দ কৰা চিম কাৰ্ডসমূহৰ ভিতৰত কেইবাখনো চিম কাৰ্ড দেশৰ অন্য ৰাজ্যত সংঘটিত চাইবাৰ অপৰাধৰ সৈতে জড়িত হৈ আছে। ইয়াৰ উপৰিও এই চিম কাৰ্ডসমূহ আন্তঃৰাষ্ট্ৰীয় ফোন কলক স্থানীয় কললৈ সলনি কৰি প্ৰৱঞ্চনা কৰা চিমবক্স যন্ত্ৰতো ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে।
এই সমগ্ৰ অপৰাধমূলক কাৰ্যৰ বাবে অভিযুক্তসকলে এক বিশেষ কৌশল অৱলম্বন কৰিছিল। তেওঁলোকে এটা হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰক এই অবৈধ কামৰ আস্থান হিচাপে ব্যৱহাৰ কৰিছিল। প্ৰশিক্ষণৰ নামত তেওঁলোকে স্থানীয় মহিলাসকলক আমন্ত্ৰণ জনাইছিল আৰু পঞ্জীয়নৰ গইনাৰে তেওঁলোকৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডৰ দৰে ব্যক্তিগত নথি-পত্ৰ সংগ্ৰহ কৰিছিল। এই নথিবোৰ ব্যৱহাৰ কৰিয়েই তেওঁলোকে পাছত মহিলাসকলৰ অজ্ঞাতে চিম কাৰ্ড সক্ৰিয় কৰিছিল আৰু বেংক একাউণ্ট খুলি ধনৰ অবৈধ লেনদেন চলাইছিল।
গ্ৰেপ্তাৰ হোৱা লোককেইজন হ’ল কলিতা কুছিৰ মইনুল হক, সৌৰামুৰীৰ মুন কলিতা, কংকন কলিতা, বালি সত্ৰৰ হিৰক জ্যোতি কলিতা আৰু দুহিৰ মোস্তাকিম আহমেদ। চিআইডিৰ বিষয়াসকলে জনোৱা মতে এই নেটৱৰ্কটো কিমান দূৰলৈ বিস্তৃত হৈ আছে সেই বিষয়ে অধিক তদন্ত চলাই থকা হৈছে। লগতে কাৰ কাৰ নথি অপব্যৱহাৰ কৰা হৈছে সেইসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। এই ঘটনাৰ পাছতে অসম আৰক্ষীয়ে জনসাধাৰণক সতৰ্ক কৰি দিছে যাতে কোনো অচিনাকি সংস্থা বা প্ৰশিক্ষণ কেন্দ্ৰক নিজৰ ব্যক্তিগত নথি আৰু বেংকৰ তথ্য দিওঁতে সাৱধানতা অৱলম্বন কৰে। কিবা সন্দেহজনক ঘটনা পালে লগে লগে চাইবাৰ হেল্পলাইন নম্বৰ ১৯৩০ ত যোগাযোগ কৰিবলৈও আহ্বান জনোৱা হৈছে।





