• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃৰাজ্যিক সীমান্তৰ সমীপত বসবাস কৰা লোকৰ বাবে নহয় অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতিঃ স্পষ্টিকৰণ দিলে হিমন্ত বিশ্ব শৰ্মাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2025 1:34 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া কৈ অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি প্ৰদান কৰিব লগীয়া জিলাক কেন্দ্ৰকৰি কিছু ভুল তথ্য সম্প্ৰচাৰিত হৈ থকা পৰিলক্ষিত হৈছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত স্পষ্ট কৰি দিছে যে তেওঁৰ চৰকাৰৰ অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি ৰাজ্যখনৰ অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ সীমান্তত প্ৰযোজ্য নহয়।

উত্তৰ-পূবৰ এই চাৰিখন ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদৰ বাবে ৰক্তাক্ত পৰিস্থিতিৰ বাবে বিগত পাঁচটা দশকত ২০০ৰো অধিক লোকৰ প্ৰাণহানি হৈছে৷ অৱশ্যে অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ সৈতে সীমা বিবাদ আংশিকভাৱে সমাধান হৈছে।

Apply Now

উল্লেখ্য যে বুধবাৰে অসম কেবিনেটে দুৰ্বল আৰু সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা “থলুৱা আৰু খিলঞ্জীয়া জনগোষ্ঠী”ক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নীতিত অনুমোদন জনায়।

টুইটাৰযোগে তেওঁ লিখিছে, ‘মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ডৰ দৰে আন্তঃৰাজ্যিক সীমান্তৱৰ্তী অঞ্চলতো এই অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি প্ৰযোজ্য হ’ব নেকি সেই লৈ কিছু প্ৰশ্ন উত্থাপন হৈছিল। এই সন্দৰ্ভত তেওঁ  স্পষ্টভাবে প্ৰকাশ কৰে যে  অসমে সদায় বিশ্বাস কৰি আহিছে যে আন্তঃৰাজ্যিক সীমান্তৰ সমস্যাসমূহ পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাসৰ জৰিয়তে সমাধান কৰিব লাগে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভাবুকিৰ ক্ষেত্ৰত এই অঞ্চলসমূহ দুৰ্বল বুলি গণ্য কৰা হোৱা নাই। লগতে কয় যে আন্তঃৰাজ্যিক সীমান্তৰ সমস্যাসমূহ নিৰাপত্তাৰ দুৰ্বলতা নহয় বৰঞ্চ পাৰস্পৰিক বুজাবুজি আৰু শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে সমাধান কৰিবলগীয়া বিষয় বুলি অসম চৰকাৰৰ দৃঢ় বিশ্বাস।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি বৰপেটা, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, নগাঁও আৰু দক্ষিণ ছালমাৰা-মানকাচৰ জিলাত অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতি প্ৰযোজ্য হ’ব। এই জিলাসমূহত বাংলাভাষী মুছলমান সংখ্যাগৰিষ্ঠ, ইয়াৰে দুখন – ধুবুৰী আৰু দক্ষিণ ছালমাৰা-মানকাচৰ – বাংলাদেশৰ সীমান্তত আছে। সাংবাদিকৰ আগত শৰ্মাই কয়, ‘কেবিনেটৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ।বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে এই জিলাসমূহৰ খিলঞ্জীয়া লোকসকলে নিৰাপত্তাহীনতাৰ পৰিৱেশত বাস কৰি আছে।

কেবিনেটৰ সিদ্ধান্তই খিলঞ্জীয়া জনসাধাৰণক সামৰিককৰণৰ লক্ষ্যৰে লোৱা হোৱা নাছিল বুলি জোৰ দি তেওঁ কয় যে দুৰ্বল অঞ্চলৰ লোকসকলে দীৰ্ঘদিন ধৰি অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ দাবী কৰি আহিছে। চৰকাৰে যোগ্য লোকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাত নম্ৰতা প্ৰদৰ্শন কৰিব বুলি সদৰী কৰিছে।

ইফালে কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰাক উপত্যকাৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুষমিতা দেৱে কয় যে অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতিয়ে “অসম চৰকাৰৰ বিশ্বাসযোগ্যতা নস্যাৎ কৰে।

এই সিদ্ধান্তই সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীয়ে তেওঁলোকক “অবৈধ অনুপ্ৰৱেশকাৰী” আৰু (বাংলাদেশ) সীমান্তৰ সিপাৰৰ পৰা অহা বিষয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰে বুলি, সীমান্ত অঞ্চলৰ লোকসকললৈ এক বাৰ্তা প্ৰেৰণ কৰিছে বুলি কটাক্ষ কৰে।

আৰু কয় যে ‘চৰকাৰে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব পাৰে, কিন্তু তেওঁ কি কামত বন্দুক ব্যৱহাৰ কৰিব পাৰে আৰু কি কৰিব নোৱাৰে সেই কথা কাকো ক’ব নোৱাৰে।

 লগতে তেওঁ কয় আজিলৈকে খিলঞ্জীয়াৰ প্ৰকৃত সংজ্ঞা কোনেও নাজানে। ৰাতিপুৱা সাৰ পাই কোন খিলঞ্জীয়া আৰু কোন নহয় সেইটো অসমৰ মুখ্যমন্ত্ৰীয়েই সিদ্ধান্ত লয়।

এই অস্ত্ৰ অনুজ্ঞাপত্ৰ নীতিয়ে ভুল নজিৰ ৰচনা কৰে আৰু ‘ডাবল ইঞ্জিন চৰকাৰ’ৰ অধীনত অসমৰ জনসাধাৰণ সুৰক্ষিত নহয় বউলি মন্ত্বব্য কৰে।

Tags: AssamCabinetAssamGunPolicyAssamNewsAssamPoliticsBorderSecurityEthnicSecurityFirearmLicenseHimantaBiswaSarmaInterStateBordersNortheastIndia
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd