NORTHEAST NOW (Assamese)

কেৰেলালৈ ৩ কোটি টকাৰ বান সাহায্য ঘোষণা মুখ্য মন্ত্ৰী সোণোৱালৰ

August 19, 2018 9:05 pm · এন ই নাও নিউজ
কেৰালাৰ ভয়াবহ বান পৰিস্থিতিৰ দৃশ্য। ফটো উৎস : ইণ্টাৰনেট

শেহতীয়াকৈ দক্ষিণ ভাৰতৰ ৰাজ্য কেৰেলাত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে কেৰেলা চৰকাৰলৈ ৩ কোটি টকাৰ আৰ্থিক বান সাহায্য আগবঢ়াব। আজি এই কথা জানিবলৈ দিয়ে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ইয়াৰ উপৰি কেৰেলাৰ এই ভয়াবহ বানত ক্ষতিগ্ৰস্ত অসমৰ লোকসকলৰ উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষীপ্ৰতাৰে কৰি তুলিবলৈ মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যৰ দুৰ্যোগ আৰু ব্যৱস্থাপনা বিভাগক হেল্পলাইন মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতে তাৎক্ষণিকভাৱে দুৰ্যোগ আৰু ব্যৱস্থাপনা বিভাগে ০৩৬১২২৩৭২১৯ আৰু ০৩৬১২২৩৭৪৬০ নম্বৰৰ দুটা হেল্পলাইন মুকলি কৰি দিয়ে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কেৰেলাত অসমৰ কোনো লোকক উদ্ধাৰ কৰিবলগীয়া খবৰ লাভ কৰাৰ লগে লগে কৰেলা চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনায়।

Related News