• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ জাজৰি প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি

NE NOW NEWS মিণ্টু দাস
নগাঁও , August 19, 2018 8:38 pm

2 min read

Jajari Press Club
102
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ জাজৰি অঞ্চলৰ সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা লোকসকলক সামৰি গঠিত জাজৰি প্ৰেছ ক্লাৱৰ ১২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে স্থানীয় জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত সফল সামৰণি পৰে৷

কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত শিক্ষাবিদ ফাইজুৰ ৰহমানে স্মৃতি তৰ্পণ কৰাৰ অন্তত ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰাইজমানী চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সুৰেশ হাজৰিকাৰ বৰগীতৰ পাছতেই ১১ বজাৰ পৰা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুল কটকীৰ সভাপতিত্বত অনুষ্ঠিত হয় এক মুকলি সভা।

সভাৰ আৰম্ভণিতে প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা জননেতা অটল বিহাৰী বাজপেয়ীৰ আত্মাৰ সদগতিৰ কামনাৰে তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু ১ মিনিট মৌন প্ৰাৰ্থনাৰ পাছতেই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে।

বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতিয়ে উদ্বোধন কৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপষ্ঠিত থাকে বিশিষ্ট সাহিত্যিক, লেখক মৃদুপৱন বৰা। বিশিষ্ট অতিথি ৰূপে উপষ্ঠিত থাকে সাহিত্যিক থগিত মহন্ত, দৈনিক বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক ডেভিদ দাস, জ্যেষ্ঠ সাংবাদিক সমৰেন্দ্ৰ নাৰায়ন বৰাৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট লেখক, সাহিত্যিক আৰু সাংবাদিক উপস্থিত থাকে।

উক্ত অনুষ্ঠানত জাজৰি প্ৰেছ ক্লাবৰ সভাপতি জয়ন্ত মুদৈ, সম্পাদক ৰাহুলদেৱ বৰদলৈ, সংবাদদাতা মৃগেন কুমাৰ নাথ, দিলদাৰ হুচেইন, দেৱব্ৰত বৰা, নিখিল ৰঞ্জন গোস্বামী, কল্যাণ কুমাৰ বৰা উপষ্ঠিত থাকে।

ইফালে, মুকলি সভাৰ অন্তত সোণাইপৰীয়া শাখা কবি সন্মিলনৰ ব্যৱস্থাপনাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী “কবিমেল” অনুষ্ঠিত হয়। কেশৱ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা “কবিমেল”ত নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া, বিশিষ্ট কবি পৰাণ কুমাৰ বৰুৱা আৰু বিভিন্ন প্ৰান্তৰ প্ৰায় দুকুৰিৰো অধিক ন-পুৰণি কবিয়ে অংশগ্ৰহণৰে কাব্য ৰসৰ সোৱাদ দি অনুষ্ঠানটি জীপাল কৰে।

প্ৰায় শতাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানটিৰ অন্তত সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলনেৰে প্ৰতিষ্ঠা দিৱসৰ দিনযোৰা কাৰ্যসূচীৰ সফল সামৰণি পৰে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd