• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিৰেই সলনি হ’ব পাৰে অসমৰ মুখ্যমন্ত্ৰী : হিমন্তক আঁতৰাই সৰ্বানন্দক মুখ্যমন্ত্ৰী পতাৰ কুচকাৱাজ বিজেপিৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2025 12:47 pm
1.3k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অচিৰে ঘটিব পাৰে অসমৰ ৰাজনীতিত বৃহৎ পট পৰিৱৰ্তন। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ চকীৰ পৰা আঁতৰোৱা হ’ব পাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক। ইতিমধ্যে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ইয়াৰ কুচকাৱাজ আৰম্ভ কৰা বুলি বিভিন্ন সূত্ৰৰ মাজত চৰ্চা চলিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে টোপনি হৰণ কৰা মুখ্যমন্ত্ৰী শৰ্মাই এই সংকেত লাভ কৰাৰ পাছত সঘনাই দিল্লীলৈ দৌৰা-দৌৰি কৰিবলৈ ধৰিছে বুলি বহুতে চৰ্চা চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ তাত-বাতি কৰিছে মুখ্যমন্ত্ৰী ড° শৰ্মাই।

দেওবাৰে দিল্লীলৈ গৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলেও প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ লাভ নকৰিলে মুখ্যমন্ত্ৰী শৰ্মাই। সূত্ৰৰ মাজত চলা চৰ্চা মতে প্ৰধানমন্ত্ৰীয়ে মোদীয়ে সাক্ষাৎ দিব খোজা নাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক। বিহাৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ লাভ কৰিবলৈ পুনৰ মঙলবাৰে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Apply Now

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে দুদিনমান পূৰ্বে বিজেপিৰ আভ্যন্তৰীণ সমীক্ষাৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিছে। সূত্ৰটোৰ মতে উক্ত প্ৰতিবেদনৰ মতে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিলে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পৰাস্ত হোৱাটো প্ৰায় নিশ্চিত। এই প্ৰতিবেদন লাভ কৰাৰ পাছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক পদত্যাগৰ নিৰ্দেশ দিছে। অৱশ্যে মুখ্যমন্ত্ৰী শৰ্মাই এই নিৰ্দেশ পাই শীৰ্ষ নেতৃত্বক এক বিশেষ চৰ্ত আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী শৰ্মাই সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়াৰ বিপৰীতে বিজেপিয়ে তেওঁৰ একান্ত অনুগত পবিত্ৰ মাৰ্ঘেৰিটাকেই মুখ্যমন্ত্ৰী ৰূপে বিচাৰিছে বুলি সূত্ৰই দাবী কৰিছে। সূত্ৰটোৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰস্তাৱ নাকচ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সৰ্বানন্দ সোণোৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ পৰামৰ্শ দিছে। সূত্ৰটোৱে উল্লেখ কৰা মতে সৰ্বানন্দ সোণোৱালে পুনৰ মুখ্যমন্ত্ৰী হ’লেহে ২০২৬ত বিজেপি জয়ী হোৱাৰ সম্ভাৱনা আছে। সেয়ে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এই স্থিতিৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ বিচাৰিছিল যদিও সাক্ষাৎ নিদিলে বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে। বিফল মনোৰথেৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমলৈ উভতি আহে। মঙলবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লী যাব হিমন্ত বিশ্ব শৰ্মা। পিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ দিয়ে নিদিয়ে সেয়া লক্ষণীয় হ’ব।

উল্লেখ্য যে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট ব্যতিব্যস্ত কৰি তুলিছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যত অতি নিকৃষ্ট ৰাজনীতি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এনে সময়তে বিজেপিৰ শীৰ্ষ নেতৃত্বই তেওঁক পদত্যাগৰ নিৰ্দেশ দিয়া বুলিও বিশ্বস্ত সূত্ৰটোৱে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd