নিমাতী ঘাট ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ নিকটাত্মীয়ক নিযুক্তি পত্ৰ প্ৰদান

Nimatighat ferry capsize incident

যোৱা বৰ্ষত সংঘটিত নিমাতী ঘাটৰ মৰ্মান্তিক ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ২০২১ চনৰ ৮ ছেপ্টেম্বৰত নিমাতী ঘাটত দুৰ্ঘটনাত পতিত হোৱা ফেৰীখন যাত্ৰীসকলক মাজুলীলৈ লৈ গৈছিল। দুৰ্ঘটনাত পতিত হোৱা ফেৰীখনৰ ৮৯ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছিল।

আনহাতে ফেৰীৰ তিনিজন যাত্ৰী পৰিমিতা দাস, ইন্দ্ৰেশ্বৰ বৰা আৰু ড০ বিক্ৰমজিৎ বৰুৱাই এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল।

ঘটনাটোৰ পিছত ১০ ডিচেম্বৰত বৈঠকত মিলিত হোৱা ৰাজ্যিক কেবিনেটে দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ সদস্যসকলক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত লয়।

মুখ্যমন্ত্ৰী শৰ্মাই আজি স্বৰ্গীয় পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাস আৰু স্বৰ্গীয় ইন্দ্ৰেশ্বৰ বৰাৰ বিধৱা পত্নী ৰূপেৰেখা বৰা সেনাপতিক নিযুক্তি পত্ৰ প্ৰদান কৰে।

মধুমিতা দাসক SCERT ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি দিয়া হয়। আনহাতে ৰুপৰেখা বৰা সেনাপতিক তেওঁৰ গৃহ জিলাৰ এখন বিদ্যালয়ত চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি দিয়া হয়।

আনহাতে ঘটনাটোত মৃত্যু হোৱাডাঃ বিক্ৰমজিৎ বৰুৱা এখন চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক আছিল। তেওঁৰ পৰিয়ালে মৃতকৰ অৱসৰ লৈকে সম্পূৰ্ণ দৰমহা লাভ কৰি থাকিব।