হিমন্ত উবাচ! “বিজেপিয়ে ৪০০ আসন লাভ কৰিলেই ঘূৰাই লোৱা হ’ব পাকিস্তান অধিকৃত কাশ্মীৰ”

মন্দিৰ-মছজিদ বিতৰ্কৰ পিছত এইবাৰ লোকসভা নিৰ্বাচনী প্ৰচাৰত বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘দৃষ্টি’ পাকিস্তান অধিকৃত কাশ্মীৰৰ ওপৰত। বুধবাৰে ঝাৰখণ্ডৰ ৰামগড়ত বিজেপিৰ সভাত তেওঁৰ মন্তব্য কৰে যে, “যদি লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০খন আসন লাভ কৰে, তেন্তে পাকিস্তান অধিকৃত কাশ্মীৰ ভাৰতৰ সৈতে সংযুক্ত কৰা হ’ব।”

ৰামগড়ৰ সেই সভাতে হিমন্তই লগতে মন্তব্য কৰে, “লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০খন আসন লাভ কৰাৰ প্ৰয়োজন আছে।” তেনে ক্ষেত্ৰত দেশত অভিন্ন দেৱানী বিধি প্ৰৱৰ্তন কৰা হ’ব।” উল্লেখ্য যে লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে বিভিন্ন চাঞ্চল্যকৰ মন্তব্য কৰি আহিছে।

সোমবাৰে পুৱা দিল্লীত অনুষ্ঠিত সভাত তেওঁ কৈছিল যে “বিগত লোকসভা নিৰ্বাচনত আমি ৩০০ আসন লাভ কৰি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিছিলো। এইবাৰ বিজেপিয়ে ৪০০ আসন লাভ কৰি বাৰাণসীৰ জ্ঞানবাপী আৰু মথুৰাৰ কৃষ্ণ জন্মভূমিত মন্দিৰ নিৰ্মাণ কৰিব।”

লগতে পঢ়কঃ বিশেষ আদালতে PMLA অভিযোগ গ্ৰহণ কৰাৰ পিছত ইডিয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে অভিযুক্তক: উচ্চতম ন্যায়ালয়

প্ৰসংগক্ৰমে চলিত মাহৰ আৰম্ভণিৰ পৰাই পাকিস্তান অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজাফ্ফৰাবাদৰ লগতে সামহনী, ছেহানছা, মিৰপুৰ, ৰাৱালকোট, হাটিয়ান বালা, খুইৰাটা, টাট্টাপানী আদি অঞ্চলত ইছলামাবাদ বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে। অধিক ৰাজহ, মূল্যবৃদ্ধি আৰু বিদ্যুৎ সংকটৰ সন্মুখীন হৈ দীৰ্ঘদিন ধৰি পাক অধিকৃত কাশ্মীৰৰ বাসিন্দাসকল অসন্তুষ্ট হৈ উঠিছিল।

সূত্ৰসমূহে দাবী কৰিছে যে সেই অঞ্চলত উৎপাদিত বিদ্যুৎ পাকিস্তানৰ অন্যান্য চহৰলৈ যোগান ধৰা হৈছে। ইয়াৰ বাবে ক্ষুব্ধ হৈ পাক অধিকৃত কাশ্মীৰৰ বাসিন্দাসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। মুকলিকৈ উত্থাপন কৰে পাকিস্তান বিৰোধী শ্লোগান। পাকিস্তান আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰাত কেইবাজনো লোকৰ মৃত্যু হয়।

ইয়াৰ পূৰ্বে ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, “ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, আমি কিয় ৪০০ লোকসভাৰ আসন লাভ কৰিবলৈ চেষ্টা কৰিছো? ৪০০খন লোকসভা আসনত বিজেপিৰ জয় নিশ্চিত কৰক। কাৰণ কংগ্ৰেছে অযোধ্যাৰ ৰাম জন্মভূমিত বাবৰি মছজিদ পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।”

লগতে পঢ়কঃ CAAৰ অধীনত গৃহ মন্ত্ৰালয়ে আৰম্ভ কৰিছে নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়া; ১৪ জনক দিয়া হ’ল দেশৰ নাগৰিকত্ব

উল্লেখ্য যে অযোধ্যাৰ দৰেই বাৰাণসীৰ জ্ঞানবাপী আৰু মথুৰাৰ শ্বাহী ইদগাহৰ ভূমি বিবাদো আদালতৰ দুৱাৰমুখত উপনীত হৈছে। বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে হিমন্তই বিচাৰাধীন হৈ থকা বিষয়ত মন্তব্য দি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে।