NORTHEAST NOW (Assamese)

Himanta Biswa Sarma Vs Manish Sisodia: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

July 1, 2022 2:12 pm · এন ই নাও নিউজ, গুৱাহাটী

Himanta Biswa Sarma Vs Manish Sisodia দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোচৰ তৰিছে। ছিচোদিয়াৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ তৰা হৈছে। গোচৰৰ শুনানিকলৈ ইতিমধ্যেই আদালতে মনীশ ছিচোদিয়াক জাননীও জাৰি কৰিছে। বৃহস্পতিবাৰে কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তৰা হৈছে এই গোচৰ।

শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে মহাধিবক্তা দেৱজিত শইকীয়াই।

দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তোলা অভিযোগ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰিছে এই গোচৰ।

লগতে পঢ়ক: Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

যোৱা ৪ জুনত দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াই নতুন দিল্লীত এক সংবাদমেল পাতি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ অভিযোগ তুলিছিল। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সৈতে জড়িত কোম্পানীক পিপিই কিটৰ ঠিকা দিয়া বুলি উল্লেখ কৰিছিল।

ইপিনে, দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ সকলো অভিযোগ ভিত্তিহীন আখ্যা মহাধিবক্তাগৰাকীৰ। শইকীয়াই কয় যে Jcb industries য়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰা কোনোধৰণৰ টকা লোৱা নাছিল বা ঠিকাৰ বাবে আবেদনো কৰা নাছিল। দিল্লীৰ উপ মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালক মিছা অপবাদ দিছে।”

লগতে পঢ়ক: Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

ইয়াৰ পূৰ্বে দিল্লীৰ উপমুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছিল মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে। ১০০ কোটি টকাৰ ক্ষতিপূৰণো দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে। গোচৰ নম্বৰ ৮১/২০২২।

ছিচোদিয়াৰ অভিযোগ মিছা প্ৰমানিত হ’লে ২ বছৰ পৰ্যন্ত সশ্ৰম কাৰদণ্ড হ’ব পাৰে বুলিও মন্তব্য কৰে মহাধিবক্তা দেৱজিত শইকীয়াই।

লগতে পঢ়ক: Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

শইকীয়াই জানিবলৈ দিয়া মতে অহা ২২ জুলাইত প্ৰাথমিক সাক্ষ্য প্ৰমান দাঙি ধৰাৰ তাৰিখ নিৰ্দ্ধাৰণ কৰা হৈছে। সেইদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই আদালতত উপস্থিত হৈ তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত যুক্তি দৰ্শাব পাৰে। 

Related News