NORTHEAST NOW (Assamese)

প্ৰদান বৰুৱাৰ হৈ মাজুলীত মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

April 6, 2019 6:51 pm · মিটু খাটনিয়াৰ
সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মাজুলী ৰতনপুৰ লাহনত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধি মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘জনতাৰ উন্নয়নৰ নামত আঁচনি গ্ৰহণ কৰি উক্ত আঁচনি সমূহৰ সমস্ত পুঁজি আত্মসাৎ কৰি এক তেজপিয়া দললৈ পৰিণত হল কংগ্ৰেছ দল। কংগ্ৰেছৰ শাসন কালত মন্ত্ৰী-বিধায়কৰ পৰা বিষয়া কৰ্মচাৰী, দলীয় নেতা পালিনেতাৰ দুৰ্নীতিপৰায়ণ মনোভাৱে এইখন দেশক বহু পিছুৱাই নিলে।’

আৱেলি ৩:৩০ বজাত ৰতনপুৰ লাহনত উপস্থিত হৈ এই নিৰ্বাচন দেশবাসীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি সোণোৱালে উপস্থিত ৰাইজক বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাক জয়ী কৰিবলৈ আহ্বান জনায়।

ভাষণ প্ৰসংগত তেওঁ এই চৰকাৰৰ দিনত মাজুলী জিলা গঠনৰ পৰা আৰম্ভ কৰি কাৰ্যালয়, ৰাস্তা দলং আদি বিভিন্ন উন্নয়ন মূলক আঁচনি ৰূপায়ণ হৈ আছে বুলি উল্লেখ কৰে।

Related News