মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ দায়িত্ব স্বীকাৰ মুখ্যমন্ত্ৰীৰ; দোষীক কঠোৰ শাস্তিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰি কয় যে দায়িত্বত থকা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তিনিজন শিক্ষককে ধৰি সকলো মুখ্য অভিযুক্তক চিনাক্ত কৰা হৈছে আৰু শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব।

তেওঁ লগতে দোষীসকলক কঠোৰ শাস্তি দিয়া হ’ব বুলিও স্পষ্ট কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, “হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলে আমাৰ বিফলতা দেখুৱায় আৰু মুখ্যমন্ত্ৰী হিচাপে মই দায়িত্ব স্বীকাৰ কৰো। এজন কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ৩জন শিক্ষককে ধৰি সকলো মুখ্য অভিযুক্তক চিনাক্ত কৰা হৈছে আৰু শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। আমি তেওঁলোকে যাতে কঠোৰ শাস্তি লাভ কৰে নিশ্চিত কৰিম।”

লগতে পঢ়ক: বিজ্ঞাপনৰ চৰকাৰ! সোণোৱালৰ ৫ বছৰৰ অভিলেখ ২ বছৰতে ভংগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দেওবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত (চি৩)ৰ এখন হাতেৰে লিখা আৰ্হিৰ প্ৰশ্নকাকত কিছুমান প্ৰাৰ্থীৰ বাবে উপলব্ধ আৰু ছ’চিয়েল মিডিয়াত বিয়পি পৰা বুলি জানিব পৰা গৈছিল।

বাতৰিসমূহৰ পিছত, অসম মাধ্যমিক শিক্ষা পৰিষদে ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাটো বাতিল কৰিছিল। পিছত পৰীক্ষাটো অহা ৩০ মাৰ্চত পুনৰ নিৰ্ধাৰণ কৰা হৈছিল।

ঘটনাটোৰ পিছত শিক্ষা মন্ত্ৰী ৰানোজ পেগুৰ পদত্যাগ দাবী কৰি বিভিন্ন দল-সংগঠনে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদৰ সৃষ্টি কৰিছিল। সংগঠনসমূহে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পদত্যাগো দাবী কৰিছিল।

লগতে পঢ়ক: ৰাজ্যিক বাজেট ২০২৩-২৪: বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট দাখিল; কি প্ৰতিশ্ৰুতি?

উল্লেখ কৰিব পাৰি যে গোচৰটো চিআইডিৰ দ্বাৰা তদন্ত কৰা হৈছে আৰু ইতিমধ্যে একাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত সকলো সন্দেহজনক লোকক বিচাৰি আছে।