NORTHEAST NOW (Assamese)

বাঘজানলৈ দেওবাৰে সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী প্ৰধান

June 13, 2020 10:46 pm · এন ই নাও নিউজ
অইলে কয় যে এই সময়ত কেৱল খাদৰ মুখতহে নিৰ্গত গেছসমূহ জ্বলি আছে।

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেওবাৰে বাঘজানৰ ঘটনাস্থলী পৰিদৰ্শন কৰিব।

ইতিমধ্যে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্য মন্ত্ৰীৰ সৈতে ঘটনা সম্পৰ্কে  আলোচনা কৰিছে।

বৈঠকতে দুয়োগৰাকীয়ে কাইলৈ বাঘজানৰ ঘটনাস্থলীলৈ গৈ পৰিস্থিতিৰ প্ৰত্যক্ষ বুজ লোৱাৰ সিদ্ধান্ত লয়।

মুখ্য মন্ত্ৰী সোণোৱালে এই ঘটনাত প্ৰভাৱিত হোৱা পৰিয়ালসমূহক সৰ্বোচ্চ ক্ষতিপূৰণ আগবঢ়াবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।

বৈঠকত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই অৱগত কৰে যে জিলা প্ৰশাসনে ১২টা শিৱিৰ স্থাপন কৰিছে আৰু এই শিৱিৰসমূহত ৭হাজাৰ লোকে আশ্ৰয় লৈ আছে।

বৈঠকৰ মাজতে তিনিচুকীয়াত উপস্থিত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সৈতেও ভিডিঅ’ কনফাৰেন্সিংযোগে বাৰ্তালাপ কৰা হয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ পৰিস্থিতিৰ ওপৰত মন্ত্ৰ্যালয়ে পৰ্য্যাপ্ত নজৰ ৰাখিছে তথা দুৰ্ঘটনাত প্ৰভাৱিত পৰিয়ালসমূহক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

বৈঠকত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৱ কুমাৰ দলে, সাংসদ তপন কুমাৰ গগৈ, মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধান, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰ্যালয়ৰ লগতে অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Related News