• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৌৰৱৰ পত্নীকলৈ তদন্ত কৰা মুখ্যমন্ত্ৰীৰ নিজ পত্নীৰে আছে তিনিখনকৈ বিদেশী পাছপোৰ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:34 am
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে একাধিক বিদেশী ৰাষ্ট্ৰৰ পাছপোৰ্ট আৰু নাগৰিকত্ব থকাৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিৰোধী দল কংগ্ৰেছে। যিজন মুখ্যমন্ত্ৰীয়ে অহৰহ গৌৰৱ গগৈৰ পত্নীৰ নাগৰিকত্ব আৰু দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন কৰি ৰাজনীতি উত্তাল কৰি ৰাখিছে, সেইজন ড° হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ ঘৰতে এতিয়া ওলাইছে এক ভয়ংকৰ পাছপোৰ্ট আৰু নাগৰিকত্বৰ কেলেংকাৰি। দেওবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই এখন সংবাদ মেল সম্বোধন কৰি দাবী কৰে যে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকীৰ নামত সংযুক্ত আৰৱ আমিৰশ্বাহী, ইজিপ্ত আৰু এণ্টিগুৱা-বাৰ্বুডাৰ দৰে দেশৰ সক্ৰিয় পাছপোৰ্ট আছে। এই চাঞ্চল্যকৰ তথ্যই সমগ্ৰ ৰাজ্য তথা দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত গভীৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

আশ্চৰ্যকৰ কথাটো হ’ল, যিগৰাকী মুখ্যমন্ত্ৰীয়ে মুছলমানৰ বিৰুদ্ধে ঘৃণা আৰু ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আহিছে বুলি অভিযোগ আছে, সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ ধৰ্মপত্নীৰ ওচৰত কেনেকৈ দুখনকৈ ইছলামিক দেশৰ পাছপোৰ্ট আছে, তাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ পত্নীৰ ওচৰত ইছলামিক ৰাষ্ট্ৰ সংযুক্ত আৰৱ আমিৰশ্বাহীৰ গোল্ডেন কাৰ্ডৰ লগতে ইজিপ্ত আৰু পূব কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰ এণ্টিগুৱা-বাৰ্বুডাৰ পাছপোৰ্ট মজুত আছে। ভাৰতীয় সংবিধান আৰু আইন অনুসৰি দেশত দ্বৈত নাগৰিকত্ব সম্পূৰ্ণৰূপে নিষিদ্ধ। এনে প্ৰেক্ষাপটত এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নীয়ে একাধিক বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব কুক্ষীগত কৰি ৰখা কাৰ্য কেৱল চৰম বেআইনীয়েই নহয়, ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও এক গুৰুতৰ ভাবুকি বুলি বিৰোধীয়ে উদ্বেগ প্ৰকাশ কৰিছে। আশ্চৰ্যকৰ বিষয় যে এই আটাইবোৰ পাছপোৰ্ট ড° শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পিছতেই সংগ্ৰহ কৰা বুলি সংবাদ মেলত অভিযোগ উত্থাপন কৰা হৈছে।

Apply Now

যিগৰাকী মুখ্যমন্ত্ৰীয়ে বিৰোধী নেতা গৌৰৱ গগৈৰ পত্নীৰ নাগৰিকত্বক লৈ নিৰন্তৰ প্ৰশ্ন উত্থাপন কৰি ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি আহিছে, তেওঁৰ নিজৰ পত্নীৰ ক্ষেত্ৰত এনে তথ্য পোহৰলৈ অহাৰ পিছতে বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ দেশপ্ৰেমৰ শ্লোগানৰ তীব্ৰ সমালোচনা কৰিছে। ইয়াৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰি পৱন খেৰাই অভিযোগ কৰে যে গৃহমন্ত্ৰী অমিত শ্বাহৰ আশীৰ্বাদপুষ্ট হোৱাৰ বাবেই মুখ্যমন্ত্ৰীৰ পৰিয়ালে আইন ভংগ কৰিলেও কেন্দ্ৰীয় গৃহ বিভাগে নীৰৱতা অৱলম্বন কৰিছে।

আনক কঠোৰ আইনৰ আওতালৈ আনিম বুলি ভাবুকি দি অহা মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীকো সেই একেই কঠোৰ আইনৰ আওতালৈ অনাৰ দাবী উঠিছে। লগতে ৰাজ্যৰ সচেতন মহলে এতিয়া প্ৰশ্ন কৰিছে— যিগৰাকী মহিলাই ভাৰতীয় আইন উলংঘা কৰি বিদেশী পাছপোৰ্ট আৰু নাগৰিকত্ব লৈছে, তেওঁৰ মুখ্যমন্ত্ৰী স্বামীয়ে কেনেকৈ আনৰ দেশপ্ৰেমৰ প্ৰমাণ পত্ৰ বিলোৱাৰ নৈতিক অধিকাৰ লাভ কৰে? মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত ঘোষণা কৰিবলৈ সাহস কৰিবনে বুলি প্ৰশ্ন তুলি কংগ্ৰেছে এই সমগ্ৰ কাণ্ডৰ তদন্তৰ বাবে এখন বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠনৰ দাবী জনাইছে। লগতে, এই চৰকাৰখনে নিৰ্বাচনত পৰাজিত হ’লে বিদেশলৈ পলায়ন কৰাৰ বাবেই এইদৰে পাছপোৰ্ট আৰু বিদেশী সম্পত্তিৰ ব্যৱস্থা কৰি থৈছে নেকি, সেই প্ৰশ্নইও এতিয়া অসমত ব্যাপক ৰূপত চৰ্চা লাভ কৰিবলৈ ধৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm
উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

উত্তৰ প্ৰদেশলৈ সৰবৰাহ অসমৰ ‘গায়ত্ৰী’ নামৰ হাতী : মালিকানা, মাইক্র’চিপ আৰু প্ৰশিক্ষণক লৈ তদন্তৰ দাবী

September 15, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd