মণিপুৰ সংকটক লৈ প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ

গৌৰৱ গগৈ। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তীব্ৰ সমালোচক অসম কংগ্ৰেছ নেতা তথা যোৰহাট সমষ্টিৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে মণিপুৰত চলি থকা সংঘাত সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ পৰামৰ্শ মোডীয়ে যে মানি ল’ব তাত সন্দেহ প্ৰকাশ কৰে।

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে সোমবাৰে (১০ জুন) নিৰ্বাচনী বাক্যবাণ অতীত কৰি মণিপুৰ সংঘাত সমাধানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নাগপুৰত আৰ এছ এছৰ এক অনুষ্ঠানৰ সময়ত ভাগৱতে উল্লেখ কৰে যে মণিপুৰ এবছৰতকৈও অধিক সময় ধৰি শান্তিৰ বাবে অপেক্ষা কৰি আছে, আৰু ৰাজ্যখনৰ পৰিস্থিতিয়ে শীঘ্ৰে মনোযোগ দিয়াৰ দাবী কৰে।

‘মণিপুৰে শান্তিৰ বাবে অপেক্ষা কৰি থকা এবছৰৰো অধিক হ’ল। যোৱা ১০ বছৰে ৰাজ্যখন শান্তিপূৰ্ণ হৈ আছিল যদিও হঠাতে বন্দুক সংস্কৃতিয়ে ঠাই ল’লে। অগ্ৰাধিকাৰ হিচাপে সংঘাতৰ সমাধান কৰাটো গুৰুত্বপূৰ্ণ,’- এই মন্তব্য ভাগৱতৰ।

লগতে পঢ়কঃ হকে-বিহকে সাম্প্ৰদায়িক মন্তব্য কৰা বিজেপি নেতাক একো নোকোৱা মোদীৰ এইবাৰ মন্ত্ৰীমণ্ডলীক নিৰ্দেশ- ‘অযথা কোনেও একো মন্তব্য নকৰিব’

আৰ এছ এছৰ মুৰব্বীগৰাকীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয়- ‘আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ কথাত প্ৰধানমন্ত্ৰী মোদীয়ে কোনো ধৰণৰ গুৰুত্ব দিব বুলি মই আশা কৰা নাই।‘

তেওঁ লগতে কয়, ‘প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ এৰাই চলিব, আইন প্ৰয়োগকাৰী সংস্থাৰ অপব্যৱহাৰ কৰিব আৰু ভাৰতীয় সংবিধানক মোহাৰিবলৈ চেষ্টা কৰিব।’

অসমৰ কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে কয়- “ধন্যবাদ যে ৰাইজে ইণ্ডিয়া মিত্ৰজোঁটক তেওঁলোকৰ হৈ মাত মাতি ভাৰতীয় সংসদ আৰু সংবিধান ৰক্ষা কৰিবলৈ বাছি লৈছে।”

লগতে পঢ়কঃ এইটোৱেই ভাৰতীয়সকলৰ ৰং; ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন ঘূৰাই দিয়া সন্দৰ্ভত মুখ খুলিলে ছাই পল্লৱীয়ে

উল্লেখ্য যে, অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদাৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত আয়োজন কৰা “জনজাতি সংহতি যাত্ৰা”ৰ পিছত যোৱা বছৰৰ ০৩ মে’ত মণিপুৰৰ সংঘাতৰ ফলত ২০০ৰো অধিক লোক নিহত হৈছে।

মণিপুৰৰ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত মূলতঃ হিংসাত্মক ঘটনা সংঘটিত হৈছে।