NORTHEAST NOW (Assamese)

কংগ্ৰেছ আৰু ৰাজ্যসভাৰ পৰা সঞ্জয় সিঙৰ পদত্যাগ; ৰাজ্যসভালৈ আন এজন সাংসদ নিৰ্বাচিত কৰাৰ সুযোগ অসম বিজেপিৰ

July 30, 2019 5:31 pm · এন ই নাও নিউজ
Updated: July 30, 2019 5:44 pm
সঞ্জয় সিং : ফাইল ফটো।

অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হোৱা, উত্তৰ প্ৰদেশৰ বিতৰ্কিত কংগ্ৰেছ নেতা সঞ্জয় সিঙে আজি ৰাজ্যসভা আৰু কংগ্ৰেছ দল দুয়োটাৰ পৰাই পদত্যাগ কৰে।

তেওঁ লগতে কাইলৈ বিজেপিত যোগদান কৰাটোও নিশ্চিত কৰিছে।

“মই বিজেপিত যোগদান কৰিবলৈ সিদ্ধান্ত লৈছো। মই মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ অভিযানক সমৰ্থন কৰো।”, ১৯৮৪ চনৰ পৰাই কংগ্ৰেছত থকা সিঙে কয়। তেওঁ “নেতৃত্বৰ ব্যৰ্থতা”ক কংগ্ৰেছ এৰাৰ এটা কাৰণ হিচাপে উল্লেখ কৰে।

সিঙৰ উপৰি তেওঁৰ পত্নী অমীতা সিঙেও কংগ্ৰেছ ত্যাগ কৰে আৰু তেৱোঁ অচিৰেই বিজেপিত যোগদান কৰাৰ কথা। অমীতা সিং উত্তৰ প্ৰদেশৰ অল ইণ্ডিয়া প্ৰফেশ্যনেলছ কংগ্ৰেছৰ অধ্যক্ষাৰ পদত আছিল।

সঞ্জয় সিঙে ২০১৪ চনৰ এপ্ৰিলৰ পৰা আজিলৈকে ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰি আহিছিল। থলুৱা এজন লোকৰ পৰিৱৰ্তে উত্তৰ প্ৰদেশৰ ৰাজনীতিক সঞ্জয় সিঙক অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰা বাবে অসমৰ ৰাইজৰ পৰা প্ৰদেশ কংগ্ৰছৰ নেতৃত্ব তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

সঞ্জয় সিঙে যোৱা লোকসভা নিৰ্বাচনতো কংগ্ৰেছৰ টিকটত উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ মেনকা গান্ধীৰ হাতত পৰাজিত হৈছিল।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেডমিণ্টন খেলুৱৈ চৈয়দ মোদীৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল যদিও আদালতত খালাচ পাইছিল আৰু চৈয়দ মোদীৰ পত্নীক বিবাহ কৰায়, যিগৰাকীও তেওঁৰ স্বামীৰ হত্যাটোৰ এগৰাকী ষড়যন্ত্ৰকাৰী বুলি বিচাৰৰ সন্মুখীন হৈছিল।

সিঙে আজি ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ ফলত বিজেপিয়ে দুই ধৰণে লাভান্বিত হোৱাৰ পথ মুকলি হয়। ৰাজ্যসভাত বিৰোধীৰ এজন সাংসদ হ্ৰাস পোৱাৰ লগতে অসমৰ পৰা খালী হোৱা আসনখনত পুনৰ এজন বিজেপিৰ প্ৰাৰ্থীক জিকাই নিয়াৰ নিশ্চিত সুযোগ লাভ কৰিব। কাৰণ তেনে কৰাৰ বাবে বিধানসভাত বিজেপিৰ পৰ্য্যাপ্ত সংখ্যক সদস্য আছে।

Related News