• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

কংগ্ৰেছে স্থানীয় জনগোষ্ঠী আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক বুলি ভবা নীতিৰ বিৰুদ্ধে ব্যাপক ৰাজহুৱা আন্দোলন গঢ়ি তুলিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 10:52 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কয়লা, শিল আৰু বালি ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি সজাগতা অভিযানৰ পৰিকল্পনা ঘোষণা কৰি ৰাজ্যত শেহতীয়াকৈ হোৱা বানপানী অধিক ভয়াৱহ হোৱাৰ বাবে ইয়াক জগৰীয়া কৰে।

দেওবাৰে (১৬ আগষ্ট) এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।বৈঠকত আগন্তুক লোকসভা উপ-নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন, পৌৰসভা নিৰ্বাচনৰ বাবে দলৰ সাংগঠনিক প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়।

Apply Now

এ পি চি চিৰ তথ্য অনুসৰি উজনি অসমৰ শেহতীয়া বান পৰিস্থিতিৰ আঁৰত কয়লা, শিল, বালিৰ সৈতে জড়িত অনিয়ন্ত্ৰিত ছিণ্ডিকেট কাৰ্যকলাপ অন্যতম। দলটোৱে এনে কাৰ্যকলাপৰ বিৰুদ্ধে জনসমৰ্থন সংগঠিত কৰি অধিক জবাবদিহিতাৰ বাবে হেঁচা দিব বুলিও কয়।

বৈঠকত জিলা কংগ্ৰেছ কমিটী আৰু সেৱা দল, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আইকে ধৰি দলৰ অগ্ৰণী সংগঠনবোৰে চলাই থকা সাহায্য আৰু পুনৰ্বাসনৰ কামৰ মূল্যায়ন কৰা হয়।

কংগ্ৰেছ কৰ্মীসকলে ক্ষতিগ্ৰস্ত ঘৰ মেৰামতি, বিদ্যালয় আৰু ৰাজহুৱা তথা ধৰ্মীয় অনুষ্ঠানসমূহ চাফা কৰা, শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাত সহায় কৰিবলৈ শ্ৰমদানৰ আয়োজন কৰা কামত নিয়োজিত হৈ আছে। দলীয় কৰ্মীসকলে ধানৰ কঠিয়া যোগান ধৰি আৰু ৰোপণ কাৰ্য্যত কৃষকসকলক সহায় কৰি আহিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে থকা পৰিৱেশ সংবেদনশীল অঞ্চল (ইকো ছেনজেটিভ জ’ন) ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰি এ পি চি চিয়ে পৃথক প্ৰস্তাৱ গ্ৰহণ কৰে। ইংলেং পথাৰৰ খিলঞ্জীয়া ভূমি বৃহৎ কৰ্প’ৰেট গোষ্ঠীলৈ হস্তান্তৰ কৰাৰ বাবে অধিগ্ৰহণৰ প্ৰস্তাৱত আপত্তি প্ৰকাশ কৰে।

কংগ্ৰেছে স্থানীয় জনগোষ্ঠী আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক বুলি ভবা নীতিৰ বিৰুদ্ধে ব্যাপক ৰাজহুৱা আন্দোলন গঢ়ি তুলিব বুলি কয়।

বৈঠকত প্ৰদেশ কংগ্ৰেছৰ কৰ্মীসকলৰ সাংগঠনিক প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত ব্যক্তিসকলক অসমৰ লগতে অন্যান্য বিশ্ববিদ্যালয়সমূহত উপাচাৰ্য হিচাপে নিযুক্তি দিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে।

দলটোৱে লগতে অভিযোগ কৰে যে মহাবিদ্যালয়ৰ অধ্যক্ষ নিৰ্বাচনত মতাদৰ্শগতভাৱে মিল থকা প্ৰাৰ্থীক সুযোগ দিয়া হৈছে।

যুৱক-যুৱতী আৰু শিক্ষা ব্যৱস্থাক লৈ উদ্বেগ সম্পৰ্কেও আলোচনা কৰা হয়, নেতৃত্বই জেন-জিৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা অসন্তুষ্টিৰ বিষয়টোও আলোচনা কৰে। এই উদ্বেগসমূহৰ সমাধানৰ বাবে ৰাজ্যিক পৰ্যায়ৰ যুৱ অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱত এ পি চি চিয়ে অনুমোদন জনায়।

বিস্তৃত সাংগঠনিক পৰ্যালোচনাৰ অংশ হিচাপে দলটোৰ ছ’চিয়েল মিডিয়া বিভাগে পৃথকে এখন বৈঠক অনুষ্ঠিত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd