• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঋণৰ বোজা, ভুৱা আঁচনি আৰু ছিণ্ডিকেটৰাজ: ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ গুৰুতৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 7:13 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ। যোৱা ১৯ ফেব্ৰুৱাৰীত কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰীনিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে এখন অভিযোগনামা মুকলি কৰাৰ পিছত, দেওবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে এখন সংবাদমেলযোগে এই অভিযোগসমূহৰ সবিশেষ ৰাইজৰ আগত দাঙি ধৰে।

সংবাদমেল সম্বোধন কৰি মীৰা বৰঠাকুৰে কয় যে চৰকাৰখনে ‘সবকা সাথ, সবকা বিকাশ’ৰ প্ৰতিশ্ৰুতি দিলেও প্ৰকৃততে কেৱল পৰিয়ালকেন্দ্ৰিক বিকাশহে হৈছে। ৰাজ্যত বৰ্তমান কয়লা, গৰু, চুপাৰি, কণী, পাণ আৰু মাছৰ অবাধ ছিণ্ডিকেট চলি থকা বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। চৰকাৰৰ নেতা-মন্ত্ৰীসকলৰ সম্পত্তি সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ কৰে যে চৰকাৰী ধনৰ ব্যাপক অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠসকলে নিজৰ পৰিয়ালৰ নামত নামী-বেনামী সম্পত্তিৰ পাহাৰ গঢ়িছে।

Apply Now

তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰীয়ে সন্তানৰ নামত ১৭টাকৈ কোম্পানী, বিলাসী ৰিজৰ্ট, চাহ বাগিচা, অভিজাত বিদ্যালয়, সংবাদ প্ৰতিষ্ঠান আৰু ফাৰ্মাচিউটিকেল উদ্যোগকে ধৰি হাজাৰ হাজাৰ বিঘা মাটি ক্ৰয় কৰিছে। লগতে কমিছনৰ স্বাৰ্থত থলুৱা ঠিকাদাৰক বঞ্চিত কৰি পছন্দৰ ঠিকাদাৰক কামগটাই দিয়াৰো অভিযোগ উত্থাপন কৰে। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ সমালোচনা কৰি তেওঁ কয় যে ৰিজাৰ্ভ বেংকৰ মূল্যায়ন অনুসৰি ২০২৬ চনৰ এপ্ৰিল মাহলৈ অসমৰ মুঠ ঋণৰ পৰিমাণ ২.০৬ লাখ কোটি টকা স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে। অসমে আৰু ঋণ ল’ব পৰা ক্ষমতা নথকাৰ পিছতো চৰকাৰখনে উপৰ্যুপৰি ঋণ লৈ জনসাধাৰণৰ মূৰত বোজা জাপি দিয়াৰ পৰিকল্পনা কৰিছে বুলি তেওঁ ক্ষোভ উজাৰে।

ইয়াৰ উপৰিও মীৰা বৰঠাকুৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো সেয়া পালন নকৰা আৰু বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আওকাণ কৰা বুলি তেওঁ উল্লেখ কৰে। ভূমি পট্টা আৰু উচ্ছেদ সন্দৰ্ভত তেওঁ কয় যে মিছন বসুন্ধৰাৰ নামত ভুৱা প্ৰ-পত্ৰ বিতৰণ কৰি এতিয়া গুৱাহাটীৰ পাহাৰৰ বাসিন্দাসকলক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰা হৈছে। অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰি কেন্দ্ৰই অসমক মাহীআইৰ দৃষ্টিৰে চোৱা বুলিও তেওঁ চৰকাৰক সমালোচনা কৰে।

লগতে চৰকাৰে নিবনুৱাক পৰ্যাপ্ত চাকৰি নিদিয়া, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা আৰু বাজেটত শিক্ষা-স্বাস্থ্য খণ্ডৰ পুঁজি কৰ্তন কৰাৰ অভিযোগ কৰে। চিকিৎসালয় নিৰ্মাণ কৰিলেও পৰ্যাপ্ত আন্তঃগাঁথনি নথকা আৰু ৰাজ্যত ভেজাল ঔষধৰ পয়োভৰ হোৱা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। শেষত, বিদেশী বা বাংলাদেশী বুলি একাংশ লোকক উচ্ছেদ কৰাৰ পিছত সেই মানুহখিনি বৰ্তমান ক’লৈ গ’ল, সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰি মীৰা বৰঠাকুৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ এই অভিযোগনামা ৰাইজৰ বিচাৰ্যৰ বাবে সংবাদমাধ্যমৰ জৰিয়তে আগবঢ়ায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd