• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ নাম চৰকাৰী তালিকাত অন্তৰ্ভুক্ত নকৰি কি ইংগিত দিছে মন্ত্ৰী হিমন্তই?

গুৱাহাটীত দিনে এখন শ্মশানত সৰ্বাধিক ১০-১২ টাকৈ মৃতদেহ সৎকাৰ, দুই তিনি গৰাকীকৈ দিয়া হৈছে কবৰ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 14, 2020 5:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপ্ৰতিৰোধ্য ক’ৰ’ণাৰ ত্ৰাস তথা কোভিডৰ চেকেণ্ড ৱেভত ভৰি দিলে অসমে। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

বৰ্তমানলৈকে চৰকাৰী তথ্য অনুসৰি ৪৬৯ গৰাকী লোকে মৃত্যুক আকোৱালি লৈছে। শনিবাৰৰ দিনটোত সৰ্বাধিক ২৩ গৰাকী লোকে মৃত্যুক আকোৱালি লৈছিল।

Apply Now

কিন্তু ইমানতো এক প্ৰশ্ন হৈছে যে কোভিডত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা লোকৰ সংখ্যা প্ৰকৃতাৰ্থত এই সংখ্যাতকৈও বেছি নেকি?

কিয়নো কোভিডত মৃত্যু হোৱা বুলি চিকিৎসালয় কতৃপক্ষ বা জিলা প্ৰশাসনে ধৰি লোৱাৰ পাছতো কিন্তু ৰাজ্য চৰকাৰে যোৱা ১১ জুলাইত গঠন কৰি দিয়া কোভিড ৰোগীৰ হিচাপ নিৰীক্ষক ব’ৰ্ডৰ মতেহে চৰকাৰে কোভিড ৰোগীৰ হিচাপ ধৰিব।

তাৰেই এক জলন্ত উদাহৰণ কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা এজন জ্যেষ্ঠ সাংবাদিক।

সাংবাদিকগৰাকী হৈছে দৈনিক প্ৰান্তজ্যোতিৰ জ্যেষ্ঠ সাংবাদিক অসীম দত্ত। তেওঁ ৭ ছেপ্তেম্বৰৰ দিনা পুৱা ৬:৪৫ বজাত শিলচৰ মেডিকেল কলেজৰ কোভিড আইচিয়ুত মৃত্যুক আকোৱালি লৈছিল। আনকি সাংবাদিকগৰাকী কোভিড-১৯ত আক্ৰান্ত লৈ মৃত্যুক আকোৱালি লোৱা বুলি উল্লেখ কৰি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই টুইটাৰযোগে গভীৰ শোক প্ৰকাশ কৰিছিল।

Deeply pained by the demise of Shri Ashim Dutta,a very talented, enthusiastic & passionate journalist of Prantajyoti Dainik daily of Silchar who succumbed to COVID-19. Media fraternity of Barak Valley loses a leading talent. My deepest condolences. ?? pic.twitter.com/dfSMjgjdhy

— Parimal Suklabaidya (@ParimalSuklaba1) September 7, 2020

ইয়াৰ পাছতো যোৱা ৭ ছেপ্তেম্বৰৰ দিনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মেডিয়াত আপলোড কৰা তালিকাত নাম নাহিল জ্যেষ্ঠ সাংবাদিকগৰাকীৰ।

আনকি জিলা প্ৰশাসনে ধাৰ্য কৰি দিয়া নিয়ম মতেই সাংবাদিকগৰাকীৰ পৰিয়ালৰ লোকে পিপিই কীট পৰিধান কৰি শ্মশানত অন্তিম সৎকাৰত অংশগ্ৰহণ কৰিছিল।

প্ৰশ্ন হয়, কোভিডত মৃত্যু হোৱা লোকৰ নাম তালিকাত অন্তৰ্ভুক্তি হোৱাক লৈয়ো কিয় সৃষ্টি কৰা হৈছে নেকি বৈষম্য?

জাৰ্ণেলিষ্ট ফৰাম অৱ আসামে ৰাজ্যত মৃত্যুৱক আকোঁৱালি লোৱা দুগৰাকী সাংবাদিক ক্ৰমে অসীম দত্ত আৰু ফটো সাংবাদিক ধনেশ্বৰ ৰাভা (৩৫) লৈ ৫০ লাখ টকাৰ জীৱন বীমা আগবঢ়োৱাৰ বাবে দাবী জনাই ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

উল্লেখ কৰিব লাগিব যে, কোভিডত মৃত্যুক আকোৱালি লোৱা চিকিৎসক, নাৰ্ছ, সাংবাদিক ইত্যাদিৰ পৰিয়ালে ৫০ লাখ টকাৰ জীৱন বীমা লাভ কৰিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ইপিনে, স্ক্ৰ’ল নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ সাংবাদিক অৰুণাভ শইকীয়াই প্ৰকাশ কৰা বাতৰিৰ আন এক ঘটনা অনুসৰি ১৪ জুলাইৰ দিনা ৭০ বছৰীয়া নাৰায়ণ মিত্ৰ নামৰ লোকজন অসুস্থ হৈ তেওঁৰ শৰীৰৰ উত্তাপ বৃদ্ধি পোৱাত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত তেওঁক কোভিড টেষ্ট কৰাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে।

তেনে সময়তে তেওঁৰ দেহত অক্সিজেনৰ মাত্ৰা অত্যাধিক পৰিমাণে হ্ৰাস পায়। লগে লগে তেওঁক জৰুৰীকালীন বিভাগত ভৰ্তি কৰাই অক্সিজেন দিয়াৰ ব্যৱস্থা কৰা হয়।

তথাপি নাৰায়ণ মিত্ৰৰ অৱস্থা বেয়াৰ ফালে ঢাল খায়। সেইদিনা সন্ধিয়া তেওঁৰ কোভিড টেষ্ট কৰোৱা হয় যদিও পাছদিনা পুৱা মৃত্যু মুখত পৰে।

মৃত্যুৰ দিনা সন্ধিয়াৰ ভাগলৈ অৰ্থাৎ কাছাৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা মেডিয়া বুলেটিনত নাৰায়ণ মিত্ৰাক কোভিড পজিটিভ আছিল।

কিন্তু যোৱা ছেপ্তেম্বৰ মাহৰ ৭ তাৰিখলৈকে মিত্ৰৰ নামটো হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা চৰকাৰী তথ্যত প্ৰকাশ পোৱা নাছিল।

আনহাতে, নাৰায়ণ মিত্ৰ কোভিডত নহয়, অন্য ৰোগতহে মৃত্যু হোৱা বুলি কোভিড ডেথ ষ্টেট অডিট ব’ৰ্ডে উল্লেখ কৰা বুলি বাতৰিটোত প্ৰকাশ পাইছে।

ইপিনে, উক্ত বাতৰিটোত পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি কোভিডত মৃত্যু হোৱা বাবেই নাৰায়ণ মিত্ৰাৰ মৃতদেহটোৰ মুখখন শেষবাৰৰ বাবে চোৱাৰ পৰা বঞ্চিত কৰিলে কাছাৰ জিলা প্ৰশাসনে।

তেনেক্ষেত্ৰত কিয় চৰকাৰী পক্ষই মিত্ৰৰ মৃত্যু কোভিডত হোৱা নাই বুলি ক’লে বুলি পৰিয়ালৰ লোকে প্ৰশ্ন কৰে।

প্ৰশ্ন হয়, কোভিডৰ নীতি-নিয়ম অনুসৰি যদি সৎকাৰ কৰা হয় বা মৃত্যুৰ পূৰ্বে কৰা টেষ্টৰ ফলাফল মৃত্যুৰ পিছত পজিটিভ আহে তেনেহ’লে কিয় মৃত লোকজনক কোভিডৰ তালিকাত অন্তৰ্ভুক্ত কৰা নহয়?

ইপিনে, গুৱাহাটীৰ উলুবাৰী আৰু ভুতনাথ শ্মশানত জ্বলিছে এখনৰ পাছত আন এখন চিতা।

উলুবাৰী শ্মশানৰ চণ্ডাল ৰমানন্দ চৰকাৰে জনোৱা অনুসৰি তেওঁ দৈনিক ১০-১২ টাকৈ মৃতদেহ সৎকাৰ কৰে।

যিকেইটা মৃতদেহ সৎকাৰ কৰিব নোৱাৰে সেইকেইটা মৃতদেহ তেওঁ ভুতনাথ শ্মশানলৈ প্ৰেৰণ কৰে।

তেওঁ সঠিক হিচাপ দিব নোৱাৰিলেও যোৱা ২২ জুনৰ পৰা বৰ্তমানলৈকে ৪০০ তকৈয়ো অধিক ৰোগীৰ মৃতদেহ সৎকাৰ কৰা বুলি জানিবলৈ দিয়ে।

আনহাতে, আঠগাঁও কবৰস্থানৰ দায়িত্বত থকা মুৰতাজা ইছলামে জনোৱা অনুসৰি উক্ত কবৰস্থানত পুৰুষ মহিলা, যুৱক যুৱতী, শিশু মিলাই মুঠ ৬৯ গৰাকীক কবৰ দিয়া হ’ল।

এই তথ্যসমূহৰ পৰা এক প্ৰকাৰ নিশ্চিত যে চৰকাৰী তথ্যতকৈয়ো বৃদ্ধি পাইছে কোভিডত মৃত্যুক আকোৱালি লোৱা মৃতকৰ সংখ্যা।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd