NORTHEAST NOW (Assamese)

ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোত ২৭৬ গৰাকী ক’ৰ’নাত আক্ৰান্ত; ৭০০০ ৰ দিশে ৰোগীৰ সংখ্যা

June 26, 2020 7:21 am · কল্পজ্যোতি শইকীয়া

২০৬ গৰাকী আক্ৰান্তৰে ৬৬৪৬ লৈ বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

আজিৰ দিনটোত একেলগে ২০৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে ।

কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া উল্লেখ কৰা নাই স্বাস্থ্য মন্ত্ৰীয়ে।

অসমত ৪০৩৩ জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৬০১ জন।

অসমত ক’ভিড-১৯ৰ ফলত এতিয়ালৈকে ৯ গৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

উল্লেখ্য যে বুধবাৰৰ দিনটোত সৰ্বমুঠ ১৮৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

মঙলবাৰৰ দিনটোত মুঠ ২০১ গৰাকী লোক ৰাজ্যত ক’ৰ’নাত আক্ৰান্ত হৈছে।

সোমবাৰৰ দিনা অসমত মুঠ ১৯১জন ব্যক্তিৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছিল।

দেওবাৰৰ দিনটোত মুঠতে ২১৮ জন ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল।

Related News