অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গণতন্ত্ৰ দিৱসৰ পতাকা উন্মোচন কৰি ৰাজ্যখনৰ বিদেশী সমস্যা সন্দৰ্ভত এক চাঞ্চল্যৰ তথ্য সদৰী কৰিছে। গুৱাহাটীত আয়োজিত ৰাজ্যৰ চৰকাৰী গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ভাষণ দি তেওঁ উল্লেখ কৰে যে, ৰাজ্যখনত বৰ্তমানলৈকে প্ৰায় ১.৭ লাখ লোকক ‘অবৈধ বিদেশী’ হিচাপে ঘোষণা কৰা হৈছে যদিও ইয়াৰে মাত্ৰ ৪৬৭ জনকহে নিজ নিজ দেশলৈ প্ৰত্যাৰ্পণ কৰা সম্ভৱ হৈছে।
ৰাজ্যপালগৰাকীয়ে জনোৱা মতে, বিদেশী ন্যায়াধিকৰণসমূহ স্থাপন হোৱাৰ পৰা যোৱা বছৰৰ ৩১ অক্টোবৰলৈকে প্ৰায় ৪.৩৫ লাখ সন্দেহযুক্ত নাগৰিকত্বৰ গোচৰ ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে ৩.৫ লাখতকৈ অধিক গোচৰ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে আৰু ইয়াৰ আধাৰতে প্ৰায় ১.৭ লাখ লোকক ‘নথিবিহীন অনুপ্ৰৱেশকাৰী’ হিচাপে চিহ্নিত কৰা হৈছে।
উল্লেখ্য যে, অসমৰ বিদেশী ন্যায়াধিকৰণসমূহে ১৯৭১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ নাগৰিকত্ব নিৰ্ধাৰণ কৰে। অৱশ্যে এই সমগ্ৰ প্ৰক্ৰিয়াটো বিভিন্ন সময়ত বিতৰ্ক আৰু সমালোচনাৰ মাজত সোমাই পৰিছে। সামান্য টাইপিং ভুল বা নথি-পত্ৰৰ অভাৱৰ বাবে বহুতো প্ৰকৃত ভাৰতীয়ইও হাৰাশাস্তি ভোগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।
আইনী প্ৰক্ৰিয়াৰ জটিলতাৰ বিষয়ে উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে, এজন লোকক বিদেশী ঘোষণা কৰাৰ পিছতো তেওঁক আন এখন দেশলৈ হস্তান্তৰ কৰাৰ পূৰ্বে সংশ্লিষ্ট দেশৰ পৰা নাগৰিকত্বৰ সত্যাপন ল’বলগীয়া হয়। এই দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ বাবেই বৃহৎ সংখ্যক ঘোষিত বিদেশীক দেশান্তৰিত কৰাটো এতিয়াও এক প্ৰত্যাহ্বান হৈয়েই আছে।
আনহাতে, সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যপালগৰাকীয়ে কয় যে কাছাৰ, শ্ৰীভূমি, ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ সমন্বয়ত ১৪টা সীমান্ত চকী আৰু ১৪টা টহলদাৰী চকী সক্ৰিয় হৈ আছে। তেওঁৰ মতে, এই সুৰক্ষা ব্যৱস্থাই অবৈধ অনুপ্ৰৱেশ ৰোধত অসমৰ ‘দ্বিতীয় প্ৰতিৰক্ষা বেষ্টনী’ক অধিক শক্তিশালী কৰি তুলিছে।
শেহতীয়াভাৱে দেশজুৰি নাগৰিকত্বৰ প্ৰমাণ বিচৰা প্ৰক্ৰিয়া তীব্ৰতৰ হোৱাৰ মাজতে ৰাজ্যপালৰ এই পৰিসংখ্যাই ৰাজ্যখনৰ বিদেশী সমস্যাৰ জটিল ৰূপটো পুনৰবাৰ পোহৰলৈ আনিছে।





