CAA-বিৰোধী আন্দোলনৰ উত্তাপ বৰকৈ অনুভৱ কৰা ৰাজ্যৰ বিজেপি চৰকাৰখনে ২১ ডিচেম্বৰত আন্দোলনটোক লক্ষ্য কৰি এলানি আঁচনিৰ বৰষুণ এৰি দিছে।
সাম্প্ৰদায়িক ৰহন সানিও আন্দোলনটোক মষিমূৰ কৰিবলৈ সক্ষম নোহোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত চৰকাৰৰ হৈ এই আঁচনিবোৰ ঘোষণা কৰে।
নলবাৰী জিলাৰ বজালী মহকুমাক জিলা ঘোষণা, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন, গোলাঘাটত সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন, শিৱসাগৰ আৰু বিশ্বনাথত মেডিকেল কলেজ, চাহ শ্ৰমিকৰ মজুৰি ১৬৭ টকালৈ বৃদ্ধি, ১০০খন চাহ বাগিচাত ১০০খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন, মাটি কিনা-বেচাৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ মাজত সীমাবদ্ধতা আৰোপ, সত্ৰৰ মাটি কিনা-বেচা বন্ধ, সমগ্ৰ অসমত ইংৰাজী, হিন্দী আৰু বাঙালী মাধ্যমৰ বিদ্যালয়বোৰতো অসমীয়া বিষয়টো বাধ্যতামূলক কৰা আদি বৃহৎ বৃহৎ ঘোষণাৰে মন্ত্ৰীজনে ওপচাই পেলায় অসমবাসীক।
নাগৰিকত্ব (সংশোধন) আইনৰ জৰিয়তে অসমীয়াক মাধমাৰ শোধোৱা বিজেপি চৰকাৰখনে এই আঁচনিবোৰৰ জৰিয়তে অসম আৰু অসমীয়াক বচাবলৈ প্ৰায় উবুৰি খাই পৰা যেন দেখা গৈছে।
কেইবাজনক হত্যা আৰু দমনৰ পিছতো আন্দোলনটোৰ শাম কটাৰ লক্ষণ নেদেখাৰ পিছতে চৰকাৰে যোৱা কেইদিনমানত একাধিক আকৰ্ষণীয় ঘোষণা কৰি আহিছিল, য’ত আছে বিভিন্ন বিভাগত খালী হৈ থকা ৫৫ হাজাৰ পদ ছমহাৰ ভিতৰত পূৰণ, ২০০০ শিল্পীক ৫০ হাজাৰকৈ টকা আদি।
কিন্তু নাৰীশক্তি আৰু শিল্পীয়ে বিশেষ ভূমিকা লোৱা আন্দোলনটোৰ প্ৰায় সংখ্যকেই এইবোৰক চৰকাৰৰ “টোপ” আখ্যা দিয়ে।
জনতাৰ ৰুদ্ৰমূৰ্তিত থৰকাছুটি হেৰুওৱা চৰকাৰখনে অৱশেষত সমাজখনৰ বিভিন্ন অংশক সুকীয়া সুকীয়াকৈ সন্তুষ্টি দিয়াৰ আঁচনি হাতত লয়।
আজি দুপৰীয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত শাসকীয় দল বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়।
তাৰ পিছতে মুখ্য মন্ত্ৰীয়ে এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰে, য’ত এই আঁচনিবোৰৰ বিষয়ে সিদ্ধান্ত লোৱা হয়।
তলত মন্ত্ৰীজনে আজি সংবাদমেল দি ঘোষণা কৰা কেইখনমান আঁচনি আৰু মুখ্য মন্ত্ৰীৰ জন সম্পৰ্কৰক্ষী কাৰ্য্যালয়ে প্ৰেৰণ কৰা কেবিনেট বৈঠকৰ প্ৰধান সিদ্ধান্তবোৰ দিয়া হ’ল-
১। সংবিধানৰ ৩৪৫ অনুচ্ছেদ সংশোধন কৰি হ’লেও অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে কেন্দ্ৰক আহ্বান জনাব। কিন্তু বৰাক উপত্যকা, বি টি এ ডি আৰু পাহাৰীয়া জিলাকেইখনক বাদ দিব।
২। মৰাণ আৰু মটকসকলৰ বাবে দুখন স্বায়ত্ত পৰিষদ
৩। অবিভক্ত গোৱালপাৰা জিলাত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ গঠন
৪। গোলাঘাটত সতী-সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়
৫। বজালী মহকুমাক জিলালৈ উন্নত
৬। অসম চাহ নিগমৰ অধীনৰ চাহ শ্ৰমিকৰ মজুৰি ১৩৮ টকাৰ পৰা ১৬৭টকালৈ বৃদ্ধি
৭। ১০০খন চাহ বাগিচাত ১০০খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন
৮। নতুন ভূমি আইন আনিব, য’ত খিলঞ্জীয়াই খিলঞ্জীয়াকহে বিক্ৰী কৰিব পাৰিব মাটি
৯। সত্ৰৰ মাটি কোনোবাই বিক্ৰী বা কিনিলে তেওঁকো অপৰাধী হিচাপে গণ্য কৰা হ’ব
১০। শিৱসাগৰ আৰু বিশ্বনাথত নতুন মেডিকেল কলেজ স্থাপন
১১। অসম চুক্তিৰ ৬নং দফাৰ ৰূপায়ণ
১২। সমগ্ৰ অসমত ইংৰাজী, হিন্দী আৰু বাঙালী মাধ্যমৰ বিদ্যালয়বোৰতো অসমীয়া বিষয়টো বাধ্যতামূলক কৰা হ’ব
১৩। মেডিকেল, ইঞ্জিনিয়াৰিং, কৃষি, পশুচিকিৎসা আৰু সাধাৰণ বিশ্ববিদ্যালয়বোৰত আহোম, কোঁচ ৰাজবংশী আৰু চুতীয়াৰ বাবে আসন সংৰক্ষণ
১৪। সাধাৰণ মহাবিদ্যালয়বোৰত চাহ শ্ৰমিকৰ বাবে আসন সংৰক্ষণ
১৫। বড়ো শান্তি চুক্তি শীঘ্ৰেই ৰূপায়ণৰ বাবে কেন্দ্ৰক অনুৰোধৰ সিদ্ধান্ত
১৬। মৰাণ, মটক, চুতীয়া আৰু আহোমৰ উন্নয়নৰ বাবে মুঠ ৫০০ কোটি টকাৰ পেকেজ
ইত্যাদি