• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মৃত্যুদণ্ড দিয়া দুই সদস্যৰ মৃতদেহ স্বগৃহলৈ প্ৰেৰণ কৰক’: আলফা (স্বা)লৈ আহ্বান ডিজিপিৰ

এন ই নাও, গুৱাহাটী by এন ই নাও, গুৱাহাটী
October 4, 2023 11:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বাধীন)এ ‘মৃত্যুদণ্ড’ দিয়া সংগঠনটোৰ সদস্য দুজনৰ মৃতদেহ ঘূৰাই পঠিয়াবলৈ অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আলফা(স্বা) আহ্বান জনাইছে।

ছ’চিয়েল মিডিয়াত অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আলফা(স্বা)ক সংগঠনটোৰ ‘মৃত্যুদণ্ড দিয়া’ দুজন সদস্যৰ মৃতদেহ ঘৰলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে যাতে পৰিয়ালে তেওঁলোকৰ মৃতদেহ সৎকাৰ কৰি শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰে।

Apply Now

“প্ৰেছ বিজ্ঞপ্তিৰ ভূমিকা সীমিত। অনুগ্ৰহ কৰি মৃতদেহবোৰ জংঘলৰ পৰা ঘূৰাই পঠাওক। পৰিয়ালক অন্তিম শ্ৰদ্ধা জনোৱাৰ সুযোগ হওক।” সামাজিক মাধ্যমৰ চাইট ফেচবুকত অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে আলফা(স্বা)ক উদ্দেশ্যি এইদৰে কয়।

উল্লেখযোগ্য যে আলফা(স্বা)ৰ দুজন জ্যেষ্ঠ সদস্যক মৃত্যুদণ্ড দিয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে সংগনটোৱে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰিছিল, য’ত দুজন সদস্যক সংগঠন বিৰোধী কাৰ্যকলাপৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা বুলি স্বীকাৰ কৰা হৈছে।

আলফা(স্বা)এ ‘মৃত্যুদণ্ড দিয়া’ সদস্য দুজন হ’ল ক্ৰমে লাচিত হাজৰিকা ওৰফে চেলিম অসম আৰু নয়নমণি চেতিয়া ওৰফে বৰ্ণালী।

লাচিত হাজৰিকা ওৰফে চেলিম অসম নব্বৈৰ দশকৰ পৰাই আলফা(স্বা)ৰ সৈতে জড়িত হৈ আছিল আৰু তেওঁক সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘনিষ্ঠ সহায়ক হিচাপেও পৰিচিত।

আনহাতে, ২০২১ চনত আলফা(স্বা)ত যোগদান কৰা নয়নমণি চেতিয়া ওৰফে বৰ্ণালী অসম তিনিচুকীয়া জিলাৰ এগৰাকী উদীয়মান বক্সাৰ আছিল।

যোৱা ২০ ছেপ্টেম্বৰত ম্যানমাৰৰ ছাগাইন অঞ্চলৰ আলফা(স্বা)ৰ হাচি শিবিৰত আলফা(স্বা) দুই  সদস্যক মৃত্যুদণ্ড দিয়া হৈছিল।

ম্যানমাৰৰ আউটফিটৰ শিবিৰত উলফা-আইৰ প্ৰবীণ নেতা চেলিম আছম ওৰফে লাচিত হাজৰিকাক মৃত্যুদণ্ড দিয়াৰ বাতৰি পোৱাৰ পাছতে লখিমপুৰৰ বঙালমৰাৰ তেওঁৰ পৰিয়ালৰ মাজত শোকৰ বন্যাৰ সৃষ্টি হৈছে।

সংবাদ মাধ্যমত লাচিতৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে তেওঁৰ মাতৃয়ে আলফা(স্বাৰ) মুৰব্বী সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পৰা পুত্ৰ মৃত নে জীয়াই আছে সেই সন্দৰ্ভত স্পষ্টীকৰণ দাবী কৰি তেওঁক কিয় মৃত্যুদণ্ড দিয়া হ’ল তাৰ কাৰণ জানিব বিচাৰে।

লাচিতৰ ভাতৃয়েও তেওঁৰ ফাঁচীৰ খবৰৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি তেওঁৰ মৃতদেহ তেওঁলোকৰ হাতত গতাই দিবলৈ আলফা(স্বা)ক দাবী জনায়।

এন ই নাও, গুৱাহাটী

এন ই নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd