DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্যতিক্ৰমী শিক্ষা আগবঢ়াই বিশ্বজুৰি চৰ্চিত হোৱা পাৰমিতা শৰ্মাক প্ৰদান কৰা হ’ল ‘দেৱী বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2019 9:03 am
Parmita Sarma

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ পৰা বঁটা গ্ৰহণ কৰা মূহুৰ্তত পৰমিতা শৰ্মা

1.8k
VIEWS
Share on FacebookShare on Twitter

এক ব্যতিক্ৰমী চিন্তাধাৰাৰে শিক্ষা সেৱাত ব্ৰতী হোৱা গুৱাহাটীৰ এগৰাকী উদীয়মান শিক্ষাবিদ তথা সমাজকৰ্মী পাৰমিতা শৰ্মাই অলপতে লাভ কৰিলে সন্মানীয় ‘দেৱী’ বঁটা।

কলকাতাত যোৱা ৩১ আগষ্টত অনুষ্ঠিত হৈ যোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ কেন্দ্ৰীয় বস্ত্ৰ ও মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰানীয়ে তেওঁক এই বঁটা প্ৰদান কৰে।

এই বঁটাটি আগবঢ়োৱা হয় সেই সকল মহিলাক যিয়ে বাধাৰ প্ৰাচীৰ নেওচি নিজৰ ক্ষেত্ৰখনত উজলি উঠিবলৈ সক্ষম হোৱাৰ উপৰি এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ গঢ়াত সহায় কৰে।

বঁটা গ্ৰহণ কৰি পাৰমিতাই কয়, ‘আমি এই যাত্ৰা আৰম্ভ কৰিছোহে, মাত্ৰ তিনিবছৰ হ’ল। এয়া আমাৰ বাবে বহুত ডাঙৰ সন্মান আৰু উৎসাহজনক’।

উল্লেখ্য যে পাৰমিতা হ’ল আখৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক। আৰু এই ফাউণ্ডেশ্যনৰ উদ্যোগতে গুৱাহাটীৰ পামহীত গঢ় লৈ উঠিছে ‘আখৰ’ নামৰ এখন ব্যতিক্ৰমী বিদ্যালয়।

বিদ্যালয়খনত পঢ়িবলৈ অহা প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে দুখীয়া ঘৰৰ। বিদ্যালয়খনে তেওঁলোকৰ পৰা মাছুলৰ বিপৰীতে লয় পেলনীয়া প্লাষ্টিক, পলিথিন জাতীয় সামগ্ৰী আদি। এইটোৱে হৈছে বিদ্যালয়খনৰ মূল বৈশিষ্ট্য।

পৰিৱেশৰ প্ৰতি ভাবুকি তথা পৰিৱেশ সংৰক্ষণ, সামাজিক দায়িত্ব, মানৱীয়তা আদিৰ জ্ঞান দিয়া হয় এই ব্যতিক্ৰমী বিদ্যালয়খনত।

ইতিমধ্যে এই ব্যতিক্ৰমী বিদ্যালয়খনৰ বিষয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে BBCৰ দৰে বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এচাম দৰিদ্ৰ শিশুক মানুহৰূপে গঢ়ি তোলা, শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধি, কাৰিকৰী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত মনোনিবেশ কৰা এই কাৰ্যত পাৰমিতাক সহায় কৰিছে তেওঁৰ স্বামী মাজিন মুখতাৰে।

উল্লেখ্য যে পাৰমিতাৰ পিতৃ প্ৰয়াত নগেন শৰ্মা আৰু মাতৃ অলকা দেশাই শৰ্মা। দুয়োজনে আছিল ৰাজনীতিৰ সৈতে জড়িত। পিতৃ আছিল এগৰাকী প্ৰাক্তন গড়কাপ্তানী মন্ত্ৰী আৰু মাতৃ অলকা শৰ্মাও আছিল নলবাৰী সমষ্টিৰ দুবাৰৰ বিধায়ক।

Recent News

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd