এইবাৰ পুৰীৰ জগতখ্যাত প্ৰভু জগন্নাথ মন্দিৰৰ ৰথযাত্ৰাৰ ৰথ টানিব অসমৰ হাতীয়ে!

Elephant-1

পুৰীৰ বিশ্বখ্যাত ভগৱান জগন্নাথ মন্দিৰৰ চলিত বৰ্ষৰ ৰথাযাত্ৰাত অসমৰ তিনিটা হাতীয়ে ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ৰথ টনাৰ সম্ভাৱনা আছে।

পুৰীৰ ৰথযাত্ৰা হৈছে ভাৰতৰ সৰ্ববৃহ ৰথযাত্ৰা আৰু চলিত বৰ্ষৰ অহা ২৩ জুনৰ পৰা এই ৰথযাত্ৰা আৰম্ভ হোৱাৰ কথা।

উল্লেখ্য যে, প্ৰতি বছৰে ভগৱান জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ চাৰি কিলোমিটাৰ জোৰা পথত কৰা এই ৰথযাত্ৰাত হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰে।

ওড়িশাৰ এই বৃহত্তম ধৰ্মীয় ৰথযাত্ৰা উপলক্ষ্যো ৰথৰ ওপৰত প্ৰতিষ্ঠা কৰা দেৱ-দেৱীৰ দৰ্শন পাবলৈ প্ৰতি বছৰে লক্ষ্য লক্ষ্য দৰ্শনাৰ্থীয়ে সাগৰৰ উপকূলীয় চহৰ পুৰীত সমাগম হয়।

অৱশ্যে এইবাৰ মহামাৰী ক’ৰ’নাৰ গণ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব ৰক্ষাৰ স্বাৰ্থত শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনে( SJTA) ভক্তসকলক ৰথ তিনিখন টনাৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ওড়িশা চৰকাৰেও ৰথযাত্ৰাত গধুৰ যন্ত্ৰপাতি টনা বাহন অথবা তিনিটা হাতীয়ে ৰথ তিনিখন টানিবলৈ বাবে অনুৰোধ কৰিছে SJTAক।

প্ৰণিধানযোগ্য যে, শ্ৰী জগন্নাথ মন্দিৰৰ ইতিহাসত ১৯২৮ চনত ৰথযাত্ৰাত হাতীৰে ৰথ টনাৰ নজিৰ আছে।

জগন্নাথৰ অধ্যাসেৱক গজপতি মহাৰাজা দিব্যসিংহ দেৱে ইতিমধ্যে অসমৰ হাতীৰ গৰাকীৰ সৈতে এই সম্পৰ্কত যোগাযোগ কৰি আলোচনা আৰম্ভ কৰিছে।

উল্লেখ্য যে, দিব্যসিহংক ভগৱান জগন্নাথৰ জীৱন্ত প্ৰতিমূৰ্তিৰূপে বিবেচনা কৰাৰ লগতে শ্ৰী জগনাথ মন্দিৰৰ পৰিচালনা সমিতিৰো তেওঁ অধ্যক্ষ।

গজপতি মহাৰাজাই সোমবাৰে গুৱাহাটীৰ বিজয়নান্দ(দুদুল) চৌধুৰীৰ সৈতে ৰথযাত্ৰাৰ ৰথ টানিবলৈ হাতী বিচাৰি অনুৰোধ কৰিছে।

চৌধুৰীৰ অসমৰ এজন সুপৰিচিত হাতী চিকাৰী আৰু তিনিটা হাতীৰ গৰাকী।

অৱশ্যে চৌধুৰীয়ে এতিয়ালৈকে জগন্নাথ ৰথযাত্ৰালৈ হাতী পঠোৱাৰ সিদ্ধান্ত লোৱা নাই।

“ৰাজ্যৰ বাহিৰলৈ হাতী প্ৰেৰণ কৰিবলৈ বহুত চৰকাৰী নিয়ম মানি চলিব লাগে আৰু এইবোৰ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়।” সোমবাৰে নাৰ্থ ইষ্ট নাওক এইদৰে কয়ে চৌধুৰীয়ে।

ওড়িশাৰ উচ্চ ন্যায়ালয়ে শনিবাৰে ওড়িশা চৰকাৰক কোভিড১৯ গাইডলাইন মানি বাহন অথবা হাতীৰে ৰথ টানি জগন্নাথ ৰথাযাত্ৰা সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে।