• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ অমানুষিক উচ্ছেদৰ তীব্ৰ বিৰোধ ‘অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2025 8:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ আহ্বায়কসকলে অসমৰ বিজেপি চৰকাৰক ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ হেজাৰতকৈ অধিক কৃষিজীৱি আৰু শ্ৰমজীৱি মানুহক দীৰ্ঘকাল ধৰি বসবাস কৰি অহা ঠাইৰ পৰা অমানুষিক বৰ্বৰতা আৰু নিষ্ঠুৰতাৰে উচ্ছেদ কৰা কাৰ্যৰ কঠোৰ ভাষাৰে ধিক্কাৰ দিছে। নিৰীহ ৰাইজৰ ওপৰত এনে অত্যাচাৰ অস্বাভাৱিক আৰু বিকৃত মনৰ পৰিচায়ক। বিজেপি চৰকাৰৰ এনে অত‍্যাচাৰৰ কোন কেতিয়া বলি হয় তাৰ একো ঠিকনা নাই। চৰকাৰৰ ভাষ্য অনুসৰি মানুহখিনি ‘বেদখলকাৰী। কিন্তু ঔপনিৱেশিক যুগৰ পৰাই শাসকশ্ৰেণীৰ মাটিৰ প্ৰতি মনোভাৱ শোষণধৰ্মী।

যদিও মাটিৰ পোনপটীয়া উপযোগিতা হৈছে নাগৰিক তথা প্ৰজাবৃন্দৰ বসবাস, কৃষি আৰু আন উৎপাদনমুখী জীৱিকা, কিন্তু চৰকাৰ বাবে ই কেৱল ধন লাভৰ উপকৰণ। ঔপনিৱেশিক যুগৰ পৰা আজিলৈকে চৰকাৰে ভূমিহীন থলুৱা আৰু অন্যান্য বৈধ বাসিন্দাক পট্টা দি সংস্থাপন কৰাত সমূলি মনোনিৱেশ কৰা নাই। কিন্তু অন্যান্য দলৰ চৰকাৰবোৰে অন্ততঃ মানৱীয় সহমৰ্মিতাৰে চৰকাৰী মাটিত বহি থকা লোকসকলক শান্তিত থাকিবলৈ দিছিল। কিন্তু বিজেপি চৰকাৰে হৃদয়হীন জমিদাৰৰ দৰে এই নাগৰিকসকলক উৎখাত কৰিছে।

Apply Now

এওঁলোকে দেশ-বিদেশৰ বৃহৎ পুঁজিপতিক অসমৰ থলুৱা বৈধ বাসিন্দাৰ মাটি কাঠি গতাই দিয়াৰ এক বৃহৎ আয়োজন চলাইছে। এনেদৰে দুখীয়া জনজাতীয়, পিছপৰা জাতিৰ আৰু চৰবাসী মানুহক দিনটোৰ ভিতৰতে বাটৰ ভিখাৰীত পৰিণত কৰা হৈছে। ই হেনো ঔদ্যোগীকৰণৰ ‘বিকাশ’ৰ প্ৰস্তুতি। মানুহ মাৰি ৰাজ্যৰ যি ‘বিকাশ’ৰ ব্যৱস্থা কৰা হৈছে, সি  পিশাচৰ ৰূপ লৈছে। এই পৈশাচিক চৰিত্ৰত ঢাকোন দিবলৈ চৰকাৰ পোহনীয়া মাধ্যমবোৰত দিনে-নিশাই প্ৰকাশ্যে আৰু কেতিয়াবা কৌশলেৰে এটা মুছলিম বিৰোধী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। সেয়ে অসম সন্মিলিত নাগৰিক অভিৱৰ্তনৰ আহ্বায়কসকলে চৰকাৰক এনে উচ্ছেদ বন্ধ কৰিবলৈ দাবী জনায় আৰু ৰাইজকো এই পৈশাচিক চৰকাৰী চক্ৰান্তৰ বিৰুদ্ধে সজাগ হ’বলৈ সকিয়াই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd