ভুৱা এনকাউণ্টাৰৰ তদন্তৰ সম্পৰ্কত অসম চৰকাৰৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

প্ৰেক্ষাপটত দেশৰ সৰ্বোচ্চ ন্যায়ালয়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এখন আবেদনৰ শুনানিৰ সময়ত সোমবাৰে উচ্চতম ন্যায়ালয়ে অসমত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ তদন্ত সন্দৰ্ভত আশংকা প্ৰকাশ কৰে।

ন্যায়াধীশ সূৰ্যকান্ত আৰু কেভি বিশ্বনাথনৰে গঠিত বিচাৰপীঠে পিইউচিএলৰ ৰায়ত উল্লেখ কৰা এনকাউণ্টাৰ তদন্তৰ বাবে অসম চৰকাৰে গাইডলাইন মানি চলাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে৷আবেদনকাৰী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰিফ জৱাদাৰে দাবী কৰিছে যে ২০২১ চনৰ ২০ মে’ৰ পৰা অসমত ভুৱা এনকাউণ্টাৰত ৮০ জনৰো অধিক ব্যক্তি নিহত হৈছে।

আবেদনকাৰীৰ হৈ অধিবক্তা প্ৰশান্ত ভূষণে যুক্তি আগবঢ়ায় যে অসম আৰক্ষীয়ে এনকাউণ্টাৰৰ পাছত সঠিক পদ্ধতি মানি চলাত ব্যৰ্থ হোৱাৰ লগতে ৰাজ্যখনে প্ৰতিটো এনকাউণ্টাৰৰ বাবে পিইউচিএলৰ গাইডলাইনক অমান্য কৰে বুলি উল্লেখ কৰে৷

ছুপ্ৰিম কোৰ্টে তদন্তৰ ন্যায়পৰায়ণতা আৰু স্বচ্ছতাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে আৰু পিইউচিএলৰ নিৰ্দেশনাসমূহ মানি চলাটো নিশ্চিত কৰাৰ ব্যৱস্থাৰ ওপৰত ৰাজ্য চৰকাৰক প্ৰশ্ন কৰে৷

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে অসম মানৱ অধিকাৰ আয়োগক এই এনকাউণ্টাৰসমূহৰ সন্দৰ্ভত আয়োগে আৰম্ভ কৰা অনুসন্ধানৰ সৈতে জড়িত নথি-পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে আৰু বিশেষভাৱে তদন্ত চলোৱা বিষয়া আৰু তেওঁলোকৰ তথ্যৰ সবিশেষ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

অধিবক্তা আৰিফ জৱাদাৰৰ আবেদনত অসমত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ স্বতন্ত্ৰ তদন্তৰ আহ্বান জনোৱাৰ লগতে মানৱ অধিকাৰ সুৰক্ষা আইনৰ ৩০ নং ধাৰাত নিৰ্ধাৰিত ৰাজ্যত মানৱ অধিকাৰ আদালত স্থাপনৰ পোষকতা কৰা হৈছে।এই গোচৰৰ বাদীৰ ভিতৰত আছে অসম চৰকাৰ, অসমৰ ডিজিপি, তথা ৰাজ্যৰ আইন আৰু ন্যায় বিভাগ।