DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ ছাত্ৰ-ছাত্ৰী, গৃহ ঋণীলৈ সকাহ; মুকলি “আপোনাৰ আপোন ঘৰ”, “অভিনন্দন”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 24, 2019 6:21 pm
New draft of Citizenship Bill in pipeline, says Himanta Biswa

মঙলবাৰে আঁচনি মুকলি কৰি হিমন্ত বিশ্ব শৰ্মা। ছবি- ইউ বি।

48.3k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ছাত্ৰ-ছাত্ৰী আৰু গৃহ ঋণীসকললৈ সকাহেৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে “আপোনাৰ আপোন ঘৰ” আৰু “অভিনন্দন” নামৰ দুখন আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰিছে।

মন্ত্ৰী শৰ্মাই গুৱাহাটীৰ নেডফি হাউচত আঁচনি দুখন মুকলি কৰে।

মন্ত্ৰীজনে জনোৱা মতে, আনুষ্ঠানিকভাৱে মুকলি কৰা আঁচনি দুখন যোৱা ১ এপ্ৰিলৰ পৰাই কাৰ্য্যকৰী হৈ আছে।

আঁচনি দুখনৰ অধীনত ৩১ মাৰ্চ ২০২০লৈকে হিতাধিকাৰীসকলক সামৰি লোৱা হ’ব।

“আপোনাৰ আপোন ঘৰ” আঁচনিৰ অধীনত অসমৰ ২০লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ লোকসকলে গৃহ ঋণৰ ক্ষেত্ৰত ৰেহাই পাব।

পূৰ্বৰ “আপোন ঘৰ”ৰ হিতাধিকাৰীয়ে নতুন আঁচনিখনৰ অধীনত আবেদন কৰিব নোৱাৰিব।

“৫ লাখৰ পৰা ১০ লাখ টকাৰ ঋণ ল’লে, ১ লাখ ৰেহাই পাব। ১০ৰ পৰা ২০ লাখলৈকে লৈকে ডেৰ লাখ টকা ৰেহাই, ২০-৩০ লাখত ২ লাখ টকা ৰেহাই পাব। ৩০-৪০ লাখলৈকে ২.৫০ লাখ টকা ৰেহাই পাব। ৪০ লাখৰ ওপৰত ল’লেও পাব ২.৫০ লাখ টকাহে ৰেহাই পাব,” আঁচনি মুকলি কৰি শৰ্মাই জনায়।

তেওঁ লগতে জনাই যে আবেদনৰ বাবে এটা বিত্ত বিভাগৰ ৱে’বছাইটৰ লগতে এক ব্যৱস্থা মুকলি কৰা হৈছে।

হিতাধিকাৰীসকলে ৱে’বছাইটত গৈয়ে ঋণৰ সুবিধা লাভ কৰিব পাৰিব, বেংকলৈ যোৱাৰ প্ৰয়োজন নহয়, মন্ত্ৰীজনে জনায়।

“বেংকত ইতিমধ্যে চৰকাৰৰ পৰা ধনসমূহ জমা দি থৈছে। বিত্ত বিভাগৰ ৱে’বছাইটত গ’লেই হ’ব হিতাধিকাৰীৰ। ঋণ লোৱাসকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব, আয়ৰ প্ৰমাণ পত্ৰ নালাগে। চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত সকলো কৰ্মচাৰীয়েই এই ঋণ লওঁতে ৰেহাই লাভ কৰিব,” শৰ্মাই জনায়।

আনহাতে “অভিনন্দন” আঁচনিৰ জৰিয়তে ঋণী ছাত্ৰ-ছাত্ৰীক সকাহ দিব বিচৰা হৈছে।

“অসমত আগতে লোৱা শিক্ষা ল’নসমূহৰ হিতাধিকাৰীক (বেংকত) ৫০ হাজাৰকৈ টকা সুমুৱাই দিব চৰকাৰে। ৬০ হাজাৰ টকা বা তাৰ ওপৰত ঋণ লোৱা সকলৰ একাউন্টত ভৰাই দিব ৫০ হাজাৰকৈ টকা,” শৰ্মাই জনায়।

মন্ত্ৰীজনে জনোৱা মতে, ঋণৰ পৰিমাণ ৬০ হাজাৰতকৈ কম হ’লে সম্পূৰ্ণ ঋণ অসম চৰকাৰে পৰিশোধ কৰিব।

Recent News

Flood in Assam

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

Jasprit Bumrah

বুমৰাহৰ আন এক অভিলেখ: অতিক্ৰম কৰিলে ভুৱনেশ্বৰ কুমাৰ, জাহিৰ খানক

Femina Miss India World 2022

কৰ্ণাটকৰ চিনি চেট্টীৰ শিৰত মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ খিতাপ

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd