• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানত আক্ৰান্ত তিনিচুকীয়াৰ ৫০ হাজাৰ আৰু বিশ্বনাথৰ ৪২ হাজাৰৰো অধিক লোক

কাজি জেইদুল ইছলাম, মানস প্ৰতিম গগৈ by কাজি জেইদুল ইছলাম, মানস প্ৰতিম গগৈ
July 13, 2019 7:52 pm
ফটো বিশ্বনাথৰ, নৰ্থ-ইষ্ট নাও

ফটো বিশ্বনাথৰ, নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কিছুদিন ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে অসমত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ অসমৰো প্ৰায়বোৰ উপনৈৰে পানী ফেনে-ফোঁটোকাৰে উপচি পৰিছে।

আজি দুপৰীয়া পৰ্যন্ত বিশ্বনাথ জিলাৰ মুঠ ৭৭ খনকৈ ৰাজহ গাঁও বৰলুইতৰ বাঢ়নি পানীৰ কবলত কৰিছে। বিশ্বনাথ ৰাজহ চক্ৰৰ ৯খন, গহপুৰৰ ২৯খন আৰু হেলেম ৰাজহ চক্ৰৰ ৩৯খন গাঁৱৰ ৪২ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

Apply Now

ইয়াৰ মাজতে বিশ্বনাথ জিলা প্ৰশাসন আৰু গহপুৰ মহকুমা প্ৰশাসনৰ তৎপৰতাত এন ডি আৰ এফৰ দ্বাদশ বেটেলিয়ন আৰু এছ ডি আৰ এফৰ জোৱানসকলে অব্যাহত ৰাখিছে বানপীড়িত এলেকাত আবদ্ধ লোকসকলক উদ্ধাৰৰ কাম ।

হেলেম ৰাজহ চক্ৰৰ ডাঠকলাত ইতিমধ্যেই এটা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে, য’ত আজি সন্ধিয়ালৈ মুঠ ২২৯ গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইয়াৰে ৯৩ গৰাকী পুৰুষ আৰু ১৩৬ গৰাকী মহিলা।

আনহাতে জিলাখৰ উপায়ুক্তৰ নিৰ্দেশত বানপীড়িত ৰাইজৰ মাজত খাদ্য আৰু সংশ্লিষ্ট সাহায্য সামগ্ৰী বিতৰণ অব্যাহত ৰখাৰ লগতে আশ্ৰয় শিবিৰৰ আৱাসীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে বুলি জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে। তদুপৰি বানাক্ৰান্ত এলেকাত প্ৰাদুৰ্ভাৱ ঘটিব পৰা ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে পোহনীয়া জীৱ-জন্তুৰ স্বাস্থ্যৰ তদাৰকীৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

জৰুৰীকালীন পৰিস্থিতিত যোগাযোগৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সৌজন্যত ইতিমধ্যেই ২৪ ঘণ্টাই সক্ৰিয় এক নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হৈছে। যোগাযোগৰ নম্বৰসমূহ হৈছে ০৩৭১৫-৮৮৮০৮৬, +৯১-৬০০২৬৬৮৮৭৩ আৰু টোল ফ্ৰী নম্বৰ ১০৭৭।

তিনিচুকীয়া জিলাত বানত আক্ৰান্ত ৬৩খন গাঁ‌ৱৰ প্ৰায় ৫০ হাজাৰ লোক

চলিত বানত তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, ডুমডুমা আৰু শদিয়া ৰাজহ চক্ৰৰ মুঠ ৬৩খন গাঁ‌ৱৰ প্ৰায় ৫০ হাজাৰ লোক আক্ৰান্ত হৈছে৷ তিনিচুকীয়া ৰাজহ চক্ৰৰ ১৪, ডুমডুমাৰ ৩২ আৰু শদিয়া ৰাজহ চক্ৰৰ ১৭খন গাওঁ বানত প্লাৱিত হৈছে৷

প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি তিনিচুকীয়া ৰাজহ চক্ৰৰ ৪২ হেক্টৰ আৰু ডুমডুমা ৰাজহ চক্ৰৰ ৫২৭হেক্টৰ কৃষি ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে।

তিনিচুকীয়া আৰু ডুমডুমা ৰাজহ চক্ৰ এলেকাত প্ৰশাসনে ইতিমধ্যে স্থাপন কৰিছে ১৬টা আশ্ৰয় শিবিৰৰ লগতে ৬টাকৈ সাহৰ্য্য কেন্দ্ৰ। ইয়াৰে ১৬টা আশ্ৰয় শিবিৰত ৮৩১৫ গৰাকী বন্যাক্ৰান্তই আশ্ৰয় লোৱা বুলি প্ৰশাসনৰ সূত্ৰত প্ৰকাশ৷

ইপিনে আজি তৃতীয় দিনাও জিলাখনৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। যোৱা নিশা বাঢ়নীপানী কিছু হ্ৰাস হৈছিল যদিও আজি পুনৰ পানী বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

কাজি জেইদুল ইছলাম, মানস প্ৰতিম গগৈ

কাজি জেইদুল ইছলাম, মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm
কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd