NORTHEAST NOW (Assamese)

অসমৰ বানপীড়িত ৰাইজলৈ অক্ষয় কুমাৰৰ ২ কোটি টকাৰ সাহায্য

July 17, 2019 6:22 pm · এন ই নাও নিউজ
Updated: July 17, 2019 8:21 pm

অসমৰ বানপীড়িত ৰাইজলৈ ২ কোটি টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে অক্ষয় কুমাৰে। জনপ্ৰিয় অভিনেতাজনে আজি এক টুইটযোগে অসমৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি আৰু কাজিৰঙা ৰাষ্ট্ৰিয় উদ্যানৰ উদানৰ উদ্ধাৰৰ বাবে ১ কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে।

আনহাতে যিসময়ত অক্ষয় কুমাৰে ২ কোটিকৈ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে অসমৰ ব্ৰেণ্ড এম্বেচাডৰ হোৱা স্বত্ত্বেও বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই বান বিধ্বস্ত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি অহা নাই।

উল্লেখযোগ্য যে এপষেক ধৰি বানপানীয়ে অসমত সংহাৰী ৰূপ ধাৰণ কৰি অহা পিছত আজি কেৱল বান বিধ্বস্ত ৰাইজৰ বাবে প্ৰাৰ্থনা আৰু মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৰাইজক অৰিহনা আগবঢ়াবলৈ আহ্বান জনোৱাতেই সীমাবদ্ধ হৈ প্ৰিয়ংকাৰ ‘অসম প্ৰেম’।

ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ পিছতো অসমৰ বানপানীকলৈ ইমান দিনে সাৰ-সুৰ নথকা অভিনেত্ৰী গৰাকীয়ে টুইটাৰ, ফে’চবুক আদি সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে। বহুতে আজি তেওঁ দিয়া টুইটতটোত ইমান পলমকৈহে খবৰ পালে নেকি বুলি তেওঁক প্ৰশ্ন কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অক্ষয় কুমাৰক তেওঁ আগবঢ়োৱা উক্ত সাহায্যৰ বাবে এক টুইট যোগে কৃতজ্ঞতা জ্ঞাপন কৰে।

Related News