• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ বান পৰিস্থিতি ভয়াবহ: মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

১২ খন জিলাৰ প্ৰায় ৫.৬৫ লাখ লোক বানৰ কবলত, সাহায্য আৰু পুনৰ্সংস্থাপনৰ আশ্বাস চৰকাৰৰ। মুখ্যমন্ত্ৰীৰ বানপীড়িত অঞ্চল দৰ্শন আৰু মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2026 7:18 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বান পৰিস্থিতিয়ে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ ১২ খন জিলাৰ প্ৰায় ৫.৬৫ লাখ লোক বৰ্তমান বানৰ কবলত পৰাৰ লগতে মৃত্যুৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে। বুধবাৰে, ২২ জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলা পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ লয়। এই সময়ছোৱাতে তেওঁ বানত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

 

Apply Now

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৰাজ্যত বানপানীৰ ফলত ২১ জন লোকৰ মৃত্যু হোৱাৰ লগে লগে চলিত বৰ্ষত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত চাৰিগৰাকী মহিলা আৰু দুটা শিশুষহ ১৩ জন শিৱসাগৰৰ, পাঁচজন চৰাইদেউৰ, দুজন গোলাঘাটৰ আৰু এগৰাকী মহিলা যোৰহাটৰ। বৰ্তমান বিশ্বনাথ, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, কামৰূপ, কামৰূপ মহান মহানগৰ, কাৰ্বি আংলং, নগাঁও, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ ৫.৬৪ লাখতকৈ অধিক লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত শিৱসাগৰ জিলাত আটাইতকৈ বেছি প্ৰায় ৩.৬ লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে যোৰহাটত ৮৮ হাজাৰ আৰু চৰাইদেউত ৭২ হাজাৰ ৫০০ তকৈ অধিক লোক বানৰ কবলত পৰিছে।

 

বুধবাৰে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে বানপানীৰ ফলত ৰাজ্যত বিস্তৰ ক্ষতিসাধন হৈছে। তেওঁ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আশ্বাস প্ৰদান কৰি কয় যে এই সংকটৰ সময়ত তেওঁলোক অকলশৰীয়া নহয় আৰু চৰকাৰে তেওঁলোকৰ সাহায্য, পুনৰ্সংস্থাপন তথা জীৱিকা ঘূৰাই অনাৰ প্ৰতিটো পদক্ষেপতে থিয় দিছে। অৱশ্যে পথ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱাৰ বাবে বৰ্তমানো বহু জলমগ্ন গাঁৱত সাহায্য উপস্থিত হোৱা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে। তেওঁ উল্লেখ কৰে যে যাতায়াতৰ কোনো সুচল ব্যৱস্থা নথকাৰ বাবে ঘৰতে আৱদ্ধ হৈ থকা লোকসকলৰ ওচৰলৈ যোৱাটো সম্ভৱ হোৱা নাই। পানী কমাৰ লগে লগে সেই স্থানসমূহত প্ৰশাসনে প্ৰৱেশ কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে আৰু চৰকাৰী শিবিৰসমূহত সাহায্য সামগ্ৰীৰ কোনো অভাৱ নাই বুলি স্পষ্ট কৰি দিয়ে।

 

চৰাইদেউৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে গুৰুতৰভাৱে অসুস্থ লোকসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ আশ্বাস দিয়াৰ লগতে বানত হেৰাই যোৱা গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ পুনৰুদ্ধাৰৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। সোমবাৰৰ নিশাৰ পৰা বান পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। বৰ্তমান ১০ খন জিলাত ২৭৩ টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে য’ত ১২ হাজাৰ ২৮৪ জন লোকে আশ্ৰয় লৈ আছে। সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে যুটীয়াভাৱে অভিযান চলাই চৰাইদেউ, গোলাঘাট, যোৰহাট আৰু শিৱসাগৰৰ পৰা ছয় হাজাৰতকৈ অধিক লোকক নিৰাপদ স্থানলৈ উদ্ধাৰ কৰিছে। যোৱা ২৪ ঘণ্টাত প্ৰশাসনে বানপীড়িত পৰিয়ালসমূহৰ মাজত ৫,০১১.০৭ কুইণ্টল চাউল, ৯৫৬.৫৩ কুইণ্টল দাইল, ২৬৫.১৮ কুইণ্টল নিমখ আৰু ২০,১১৫.৪২ লিটাৰ মিঠাতেল বিতৰণ কৰিছে।

 

চলিত বানপানীয়ে ৰাজ্যৰ ৮৭২ খন গাঁও বুৰাই পেলোৱাৰ সমান্তৰালকৈ ২৪,২১০.৩৫ হেক্টৰ কৃষিভূমি নষ্ট কৰিছে আৰু ১.৮৫ লাখৰো অধিক পশুধন তথা হাঁহ-কুকুৰা ক্ষতিগ্ৰস্ত কৰিছে। ইয়াৰ লগতে বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতিসাধন হৈছে। ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক চাৰিদিনৰ বাবে অসমত বিজুলী-ঢেৰেকণিৰ সৈতে ধাৰাষাৰ বৰষুণৰ পূৰ্বানুমান কৰি হালধীয়া সতৰ্কবাণী জাৰি কৰিছে। বৰ্তমান নিয়ামাটিঘাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে শিৱসাগৰত দিখৌ আৰু নাঙলমুৰাঘাটত দিচাং নৈয়ে সৰ্বোচ্চ বানৰ স্তৰ অতিক্ৰম কৰিছে, যিয়ে পৰৱৰ্তী সময়ত সামগ্ৰিক বান পৰিস্থিতিক লৈ অধিক উদ্বেগৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd