• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানে জলা-কলা খুৱাইছে অসমৰ জনসাধাৰণক! বানৰ কবলত ৰাজ্যৰ ২২খন জিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2025 11:16 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধাৰাসাৰ বৰষুণৰ বাবে সৃষ্টিহোৱা বান পৰিস্থিতিয়ে অসমত তীব্ৰ সংকটৰ সৃষ্টি কৰিছে। ২২খন জিলাত ৫.৩৫ লাখতকৈও অধিক লোক বানপানীৰ বাবে স্থানচ্যুত হৈছে আৰু বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA)ৰ তথ্য অনুসৰি ২২খন জিলাৰ ৬৫টা ৰাজহ চক্ৰ আৰু ১২৫৪খন গাঁৱৰ ৫,১৫,০৩৯জন লোক বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে। বানৰ ফলত ১২,৬১০ হেক্টৰ শস্য ভূমি পানীত তল গৈছে, লগতে ৯৪টা জীৱ-জন্তুৰ মৃত্যু হৈছে। আৰু ১৬৫টা সাহায্য শিবিৰত ৩১,২১২জন লোকক আশ্ৰয় দিয়া হৈছে আৰু ১৫৭টা সাহায্য বিতৰণ কেন্দ্ৰ খোলা হৈছে বুলি সদৰী কৰিছে।

Apply Now

সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাবোৰৰ ভিতৰত শ্ৰীভূমিত ১,৯৪,১৭২জন, কাছাৰত ৭৭,৯৬১জন আৰু নগাঁৱত ৬৭,৮৮০জন লোক বানপানীত পৰিছে। হোজাই জিলাৰ ডবোকা ৰাজহ চক্ৰৰ পৰা এজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, যাৰ ফলত মৃতকৰ সংখ্যা ১১লৈ বৃদ্ধি পাইছে। লগতে হাইলাকান্দি আৰু ডিব্ৰুগড়ৰ আন দুজন লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।

গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, ৰাজ্যখনৰ বহু ঠাইত মাজনিশাৰ পৰা তীব্ৰ বৰষুণৰ সম্ভাৱনা আছে। বৰষুণৰ ফলত বহু পথ, ৰে’লপথ আৰু ফেৰী সেৱা বন্ধ হৈ পৰিছে। শিলচৰৰ ৰে’ল ষ্টেচনত পানী জমা হোৱাৰ ফলত দুখন ৰে’ল বাতিল কৰা হৈছে, আৰু মাজুলী-যোৰহাটৰ মাজত ফেৰী সেৱাও বন্ধ হৈ আছে।

ব্ৰহ্মপুত্ৰ নদী নিয়ামতীঘাট আৰু তেজপুৰত বিপদসীমাৰ ওপৰেৰে পানী বৈ আছে। তদুপৰি বৰাক নদী ছোটা বেকৰা, ফুলাৰতাল, এ.পি.ঘাট, বি.পি.ঘাটত পানী বিপদসীমাৰ ওপৰেৰে বৈছে। সুবনশিৰি (বদাতিঘাট), বুৰহিদিহিং (খোৱাং), ধনশিৰি (নুমলীগড়), কোপিলী (কামপুৰ, ধৰ্মতুল), ৰুকনি (ঢোলাই), ধলেশ্বৰী (ঘৰমুৰা), কটাখাল (মাটিজুৰি) আৰু কুছিয়াৰা (শ্ৰীভূমি) অদি নদীবোৰত ইয়াৰ প্ৰভাৱ পৰিছে।

উল্লেখ্য যে এতিয়া লৈকে তিনিটাকৈ মথাউৰি ভঙা বুলি জানিবলৈ পোৱা গৈছে আৰু আন দুটা ক্ষতিগ্ৰস্ত হৈছে, লগতে বহু পথ, দলং, বিদ্যুৎৰ খুঁটা, ঘৰ আদিও ক্ষতিগ্ৰস্ত হৈছে। ২১,০৩৭ জন লোক ‘নগৰীয়া বানপানী’ত প্ৰভাৱিত হৈছে। যাৰ বাবে ৪৬৪ জন দুটা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বিশেষকৈ অৰুণাচল প্ৰদেশৰ নীপকো জলবিদ্যুৎ প্রকল্পৰ বান্ধৰ পৰা মুকলি হোৱা পানীয়ে প্লাৱিত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে। আমতোলা অঞ্চলৰ পাচানৈ নদীৰ মথাউৰি ভঙাৰ ফলত ব্যাপক ক্ষতি হোৱা বুলি তেওঁ  উল্লেখ কৰে।

নিপকোৰ বিষয়ে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়েনীপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা অঘোষিতভাৱে পানী মুকলি কৰাৰ সন্দেহজনক ঘটনাৰ পূৰ্ণাঙ্গ তদন্তৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে নীপকো দোষী সাব্যস্ত হ’লে আইনীভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে।

ইফালে, অসম কংগ্ৰেছৰ সদ্য নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে ভূমিস্খলনত মৃত্যুবৰণ কৰা পৰিয়ালক সাক্ষাৎ কৰি সহানুভূতি প্ৰকাশ কৰে।

এই সংকটজনক পৰিস্থিতিত ৰাজ্য চৰকাৰে তৎকালীন আৰু দীৰ্ঘম্যাদী সহায়ৰ আশ্বাস প্ৰদান কৰাৰ, লগতে বানপানীৰ ক্ষতিকাৰক প্ৰভাৱ ৰোধৰ বাবে আগন্তুক দিনত অধিক সুসংগঠিত পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে।

Tags: AssamCrisisAssamFloods2025AssamNewsClimateImpactDisasterManagementDisplacementFloodDisasterFloodReliefNaturalDisasterNortheastIndia
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd