• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বান”ত আক্ৰান্ত চলিত অসম বিধানসভা অধিৱেশনৰ পহিলা দিন

“অসমৰ সম্পদ কেন্দ্ৰই ৰাষ্ট্ৰীয় সম্পদৰূপে গণ্য কৰে, তেন্তে দুৰ্য্যোগক কিয় ৰাষ্ট্ৰীয় দুৰ্য্যোগৰূপে ঘোষণা নকৰিব?” এ আই ইউ দি এফৰ আমিনুল ইছলামৰ মন্তব্য।

অনুপ শৰ্মা by অনুপ শৰ্মা
July 26, 2019 9:23 pm
26-07-19 Assam floods: Opposition stages walkout in assembly

বিধান সভাত শুকুৰবাৰে দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ প্ৰতিবাদ। ছবি-- ইউ বি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ অসমজুৰি আধা কোটি মানুহ আৰু অলেখ জীৱ-জন্তুক জীয়াতু ভোগোৱা চলিত বানক লৈ হুলস্থূলেৰে সমাপ্ত হৈছে বিধান সভাৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰথমটো দিন।

সদন আৰম্ভ হোৱাৰ লগে লগেই “বান”ক লৈ আলোচনাৰ বাবে বিৰোধীয়ে আগবঢ়োৱা প্ৰস্তাৱ অধ্যক্ষই নাকচ কৰাত হুলস্থূল কৰি সভা ত্যাগ কৰে কংগ্ৰেছ আৰু এ আই ইউ দি এফে।

Apply Now

অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰশ্নকালত বিষয়টো আলোচনাৰ প্ৰস্তাৱ দিছিল যদিও তাত মান্তি নহৈ প্লাকাৰ্দ জোকাৰি প্ৰতিবাদ কৰি ওলাই যায় দুয়ো বিৰোধী দল।

কিছু সময় পিছত শাসক, বিৰোধী উভয়ে পুনৰ বিষয়টো আলোচনাৰ বাবে সদনত আসন গ্ৰহণ কৰে।

আলোচনা আৰম্ভ হোৱাৰ পিছতে অগপ বিধায়ক বৃন্দাবন গোস্বামী আৰু এ আই ইউ দি এফ বিধায়ক আমিনুল ইছলামে মত প্ৰকাশ কৰে যে, বানক “ৰাষ্ট্ৰীয় সমস্যা”ৰূপে ঘোষণা কৰিব লাগে বুলি সভাই এক প্ৰস্তাৱ ল’ব লাগে।

“অসমৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ বাবে কেন্দ্ৰৰ কাষ চপাৰ বাবে সদনত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হওক। সকলো সদস্যই দলৰ ঊৰ্ধ্বত থাকি এই সিদ্ধান্তৰ বাবে ঐক্যবদ্ধ হওঁ আহক,” তেজপুৰৰ বিধায়ক গোস্বামীৰ আহ্বান।

অনুৰূপ আহ্বান জনায় ধিঙৰ এ আই ইউ দি এফ বিধায়ক আমিনুল ইছলামেও। “কেৰালাৰ বানতকৈ অসমৰ বান কম গুৰুতৰ নহয়। অসমৰ সম্পদসমূহ যদি কেন্দ্ৰই ৰাষ্ট্ৰীয় সম্পদৰূপে গণ্য কৰে, তেন্তে অসমৰ দুৰ্য্যোগক কিয় ৰাষ্ট্ৰীয় দুৰ্য্যোগৰূপে ঘোষণা নকৰিব?” ইছলামৰ প্ৰস্তাৱ।

কিন্তু, শাসনৰ অংশীদাৰ অগপ আৰু বিৰোধী এ আই ইউ দি এফৰ বিধায়ক দুজনৰ প্ৰস্তাৱক লৈ সদনত কোনো ঐকমত্য সৃষ্টি নহ’ল।

বিৰোধী দলপতি, নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াই বান নিয়ন্ত্ৰণত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ বিফল হোৱা বুলি মন্তব্য কৰিলে।

ইয়াৰ বিপৰীতে বানক “ৰাষ্ট্ৰীয় দুৰ্য্যোগ” ঘোষণাৰ গুৰুত্ব অস্বীকাৰ কৰি সমস্যাটো সমাধানৰহে পোষকতা কৰিলে শাসকীয় বিধায়ক মৃণাল শইকীয়াই।

লগতে পঢ়ক– বানত ক্ষতিগ্ৰস্ত অৰ্ধ কোটি লোক, মৃত ৬৬; তথাপি “নিদ্ৰা”ত অসমৰ জল সম্পদ বিভাগ

লগতে পঢ়ক– অসম ডুবিছে বানত; আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্দে ৪০লাখ টকা খেদাইছে মন্ত্ৰী পৰিয়ালৰ বিলাসত

“অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিলেই সমস্যাটো সমাধান হৈ নাযায়। কেন্দ্ৰই শেহতীয়াকৈ অসমৰ বান-গৰাখহনীয়া অধ্যয়নৰ বাবে ১০০ কোটি টকাত অনুমোদন জনাইছে। এনে পদক্ষেপ আগতে কেতিয়াও লোৱা হোৱা নাছিল,” খুমটাইৰ বিধায়কৰ মন্তব্য।

তেওঁৰ মতে, বিজেপি নেতৃত্বাধীন বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ চৰকাৰসমূহতকৈ সমস্যাটো সমাধানত অধিক নিষ্ঠা প্ৰদৰ্শন কৰিছে।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

October 28, 2026 7:22 am
৫৩ বছৰতো ইমান ফিট শচীন তেণ্ডুলকাৰ! ত্যাগ কৰিছে দুটা বদভ্যাস, জানক তেওঁৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰহস্য

৫৩ বছৰতো ইমান ফিট শচীন তেণ্ডুলকাৰ! ত্যাগ কৰিছে দুটা বদভ্যাস, জানক তেওঁৰ খাদ্যাভ্যাস আৰু ব্যায়ামৰ ৰহস্য

October 28, 2026 6:49 am
অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

October 28, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd