কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ আত্মীয়ক অনুকম্পামূলক নিযুক্তি পত্ৰ প্ৰদান

ফটো ফেচবুকৰ পৰা সংগৃহীত

‘বন বিভাগে সদায়েই বিভাগটোত কৰ্তব্যৰত বিষয়া-কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু দায়ৱদ্ধতাক গুৰুত্ব দি আহিছে। সেয়ে চৰকাৰী নীতি অনুযায়ী কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাৱটি লোৱা বিষয়া-কৰ্মচাৰীসকলৰ যোগ্য নিকট আত্মীয়ক অনুকম্পামূলক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰি আহিছে।’ এই মন্তব্য বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

বুধবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অৰণ্য ভবনত আয়োজিত এক অনুষ্ঠানত বিভাগটোত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা বিষয়া-কৰ্মচাৰীসকলৰ নিকটাত্মীয় ৪৯ গৰাকী প্ৰাৰ্থীক অনুকম্পামূলক নিযুক্তি পত্ৰ প্ৰদান কৰি শুক্লবৈদ্যই এইদৰে কয়।

অনুকম্পামূলক নিযুক্তি প্ৰদান কৰাসকলৰ ৯জনক পিয়ন, এজনক চেইনমেন, এজনক ডাক-ৰানা, ২জনক ঘাঁচি, ২৫ জনক মালী, ৪ জনক নৌকাচালক আৰু ৭ জনক চকীদাৰ পদত মকৰল কৰা হয়। নিযুক্তি পোৱাসকলক অসমৰ বিভিন্ন বন সংমণ্ডলত খালী হৈ থকা পদসমূহত মকৰল কৰা হৈছে।

বিভাগীয় সূত্ৰই সদৰী কৰা মতে, ২০১১ চনৰ ১ জানুৱাৰীৰ পৰা ২০১৭ চনৰ ৩১ মাৰ্চ পৰ্যন্ত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা বিষয়া-কৰ্মচাৰীসকলৰ বিপৰীতে এই অনুকম্পামূলক নিযুক্তি প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা ৬ জুলাইত ১৩৯ জন মৃত বিষয়া-কৰ্মচাৰীৰ যোগ্য আত্মীয়ক নিযুক্তি প্ৰদান কৰা হৈছিল।

বুধবাৰে পুনৰ ৪৯ জনক নিযুক্তি পত্ৰ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে অনুকম্পামূলক নিযুক্তি প্ৰক্ৰিয়াক অধিক খৰতকীয়া কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰে। অনুষ্ঠানটোত বন বিভাগৰ কেবাগৰাকী শীৰ্ষ বিষয়াৰ লগতে বন আৰু পৰিবেশ বিভাগৰ আয়ুক্ত সচিব দীপক মজুমদাৰেও অংশগ্ৰহণ কৰে।