NORTHEAST NOW (Assamese)

বনাঞ্চল, দিহিং-পাটকাইত কয়লা খনন সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সংবাদমেল

May 30, 2020 3:44 pm · কল্পজ্যোতি শইকীয়া
Updated: May 30, 2020 3:46 pm

বনাঞ্চল তথা দিহিং পাটকাইত কয়লা খনন সন্দৰ্ভত আজি অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰমিল শুক্লবৈদ্যই এক সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেলত মন্ত্ৰী শুক্লবৈদ্যই কয় যে, দিহিং পাটকাইত ১৯৭৩ চনৰ পৰাই কল ইণ্ডিয়াই কয়লা খনন কৰি আহিছিল। লীজত লৈ কৰা এই খনন কাৰ্যৰ ম্যাদ ২০০৩ চনত অন্ত পৰিছিল যদিও লীজ অন্ত পৰাৰ পাছতো খনন চলাই থকা হৈছিল৷

এই বিষয়ে কেন্দ্ৰক কোনো প্ৰতিবেদন দাখিল কৰা নহ’ল যদিও অবৈধ খনন চলোৱা প্ৰতিষ্ঠানটোক ৪৩.২৪ কোটি টকা জৰিমনা বিহা হৈছে বুলি মন্ত্ৰী শুক্লবৈদ্যই কয়।

আনহাতে মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে কয় যে, ‘অৱশ্যে এতিয়ালৈকে জৰিমনাৰ ধন আদায় লোৱা নাই।’

মন্ত্ৰী গৰাকীৰ দাবী যে, যোৱা  ২০১৯ চনৰ অক্টোবৰৰ পৰা বন্ধ কৰা হৈছিল দিহিং পাটকাইৰ খনন কাৰ্য৷

মন্ত্ৰী শুক্লবৈদ্যৰ কয় যে, ‘বন বিভাগ শুই থকা নাই, কাম কৰি আছে। ৰাজ্যত ২২২ বৰ্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি কৰা হৈছে। ২৭০০ বিঘা ভূমি কাজিৰঙাক গতোৱা হৈছে। বন বিভাগে ২৩৯ কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।’

সংবাদমেলত উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ মন্তব্য, “দিহিং-পাটকাইৰ এক ইঞ্চি মাটিতো কয়লা খনন চলা নাই। বৃহৎ বনাঞ্চলত গোপনে কোনোবাই খনন চলাইছে যদি চৰকাৰ জ্ঞাত নহয়।”

বানপানীৰ সময়ত কেন্দ্ৰীয় চৰকাৰে বন্যপ্ৰাণীৰ বাবে খাদ্য যোগান ধৰিছে এই ক্ষেত্ৰত মোডী চৰকাৰেই প্ৰথম দৃষ্টান্ত দেখুৱাইছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Related News