এ পি এছ চি গোচৰত প্ৰথমবাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত জামিন লাভ কৰাৰ সম্পূৰ্ণ এবছৰৰ পিছত শুকুৰবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল গোচৰটোৰ অন্যতম প্ৰধান অভিযুক্ত তথা আয়োগৰ প্ৰাক্তন সদস্য ডঃ ছামেদুৰ ৰহমান।
কৃষি উন্নয়ন বিষয়াৰ বাছনিৰ নামত এ পি এছ চিত সংঘটিত বিত্তীয় অনিয়ম আৰু জালিয়াতিত জড়িত থকাৰ অভিযোগত ভঙাগড় থানাৰ ১৫৯/২০১৭ নম্বৰৰ গোচৰত মহানগৰ আৰক্ষীয়ে শুকুৰবাৰে ৰহমানক গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে ধনৰ বিনিময়ত চাকৰি প্ৰদানৰ কেলেংকাৰি সন্দৰ্ভত ডিব্ৰুগড় থানাত ৰুজু হোৱা ৯৩৬/২০১৬ নং গোচৰত (এ পি এছ চি কেলেংকাৰিৰ মূল গোচৰটো) ২০১৬ চনৰ ৯ নৱেম্বৰত তেতিয়াৰ অন্যতম সদস্য ছামেদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছিল। দীৰ্ঘদিন কাৰাবন্দী হৈ থকাৰ পিছত উক্ত গোচৰত অভিযুক্ত ছামেদুৰ ৰহমানে ২০১৭ চনৰ ৩১ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰপৰা জামিন লাভ কৰিছিল।
কিন্তু কৃষি উন্নয়ন বিষয়াৰ বাছনি কেলেংকাৰিৰ গোচৰত এ পি এছ চিৰ অন্যতম দুৰ্নীতিগ্ৰস্ত সদস্য ৰহমানক পুনৰবাৰ গ্ৰেপ্তাৰ হয়।
গুৱাহাটীৰ হাতীগাঁৱৰ বাসগৃহৰপৰা গ্ৰেপ্তাৰ কৰি অনা অভিযুক্ত ৰহমানক শুকুৰবাৰে নিশাটো আৰক্ষীৰ বিশেষ শাখাত ৰাখি সোধ-পোছ কৰে। আৰক্ষীয়ে আজি তেওঁক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰাব।
আনহাতে, কৃষি উন্নয়ন বিষয়াৰ বাছনি কেলেংকাৰিৰ গোচৰটোত এ পি এছ চিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ কুমাৰ পাল আৰু প্ৰাক্তন সদস্য ডঃ বসন্ত কুমাৰ দলে বৰ্তমানো কাৰাবন্দী হৈ আছে।
এক সূত্ৰৰ অনুসৰি এই গোচৰত একাধিক কৃষি উন্নয়ন বিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।