ডিব্ৰুগড়ত বৃহৎ পৰিমাণৰ টকাৰ সৈতে চাৰি বিমান যাত্ৰীক গ্ৰেপ্তাৰ
চাৰিজন বিমান যাত্ৰীক বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে বুধবাৰে ডিব্ৰুগড় বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে।
লোককেইজনে নতুন দিল্লীগামী এখন বিমানত উঠাৰ আগমুহূৰ্তত চি আই এছ এফে আটক কৰে।
গ্ৰেপ্তাৰ হোৱা লোককেইজনক মহম্মদ জালালুদ্দিন তালুকদাৰ, সঞ্জয় কুমাৰ স্বামী, চাজন সিং আৰু ৰাম অৱতাৰ স্বামী বুলি চিনাক্ত কৰা হৈছে।
লোককেইজনে অৰুণাচল প্ৰদেশৰ খুনছাৰ পৰা দুটা কাৰ্টনত প্ৰায় ৭৯ লাখ টকা কঢ়িয়াই আনিছিল।
নতুন দিল্লীগামী ইণ্ডিগ’ বিমান (নং ৬ই ৬৭৭২)ত উঠাৰ আগতে বয়বস্তু স্কেনিঙৰ সময়ত টকাখিনি চি আই এছ এফে ধৰা পেলায়।
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই কয়, “আমি তেওঁলোকক আয়কৰ বিভাগৰ হাতত অধিক তদন্তৰ বাবে গতাই দিছো। এতিয়াই আমি একো ক’ব নোৱাৰো কাৰণ আয়কৰ বিভাগে বিষয়টো চাই আছে।”
টকাখিনি জনৈক বিজয় শংকৰ আগৰৱালাই দিয়া বুলি কোৱা হৈছে।
সূত্ৰমতে লোককেইজনে বিজয় শংকৰ আগৰৱালাৰ পৰা টকাখিনি সংগ্ৰহ কৰাৰ পিছত ৰাজস্থানলৈ গৈ আছিল।