NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়ক আনিব খোজা বিজেপিক ভোট নিদিবলৈ আহ্বান ৪ সংগঠনৰ

April 8, 2019 7:29 pm · ৰাজীৱ দত্ত
প্ৰতিনিধিত্বমূলক ফটো

বিজেপি দলে আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত তেওঁলোক ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ’ব বুলি স্পষ্টভাৱে উল্লেখ কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছু, কৃষক মুক্তিকে ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে।

এনে এক পৰিস্থিতিৰ মাজতে আজি শিৱসাগৰত আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ৰাইজক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা ৰাজনৈতিক দলক ভোট দিবলৈ আহ্বান জনাইছে টাই আহোম যুৱ পৰিষদকে ধৰি ৪ টাকৈ সংগঠনে।

শিৱসাগৰ জিলাৰ জাঁজীৰ নন্দন বন ৰিজৰ্টত আয়োজিত এখন সংবাদমেলত টাই আহোম যুৱ পৰিষদ, টাই যুৱ ছাত্ৰ পৰিষদ, নিবনুৱা সুৰক্ষা সন্থা, আৰু কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ নেতৃবৰ্গই আগন্তুক লোকসভা নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব খোজা বিজেপিক ভোট নিদিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়।

আজিৰ উক্ত সংবাদমেলত টাই আহোম যুৱ পৰিষদৰ মৃদুল বাইলুং ফুকন, পবিত্ৰ গগৈ, টাই যুৱ ছাত্ৰ পৰিষদৰ প্ৰাঞ্জল শইকীয়া, নিবনুৱা সুৰক্ষা সন্থাৰ অপুৰাজ শৰ্মা আৰু কৃষক শ্ৰমিক সংগ্ৰাম সমিতিৰ অনন্ত আৰন্ধৰা উপস্থিত থাকে।

Related News